বিনামূলীয়া শিক্ষা ব্যৱস্থা আৰু আমাৰ ভৱিষ্যত ০৭-হেমেন হাজৰিকা

©Admin
0
যি সময়ত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাবিদ আৰু সমাজ বিজ্ঞানী সকলে মাতৃভাষাৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে , সেই সময়ত ভাৰতত নিজৰ সন্তানক ইংলিচ মিডিয়াম স্কুলত পঢ়াবৰ বাবে এন্দুৰ প্ৰতিযোগিতা চলিব ধৰিছে। গীনিজ বুক অৱ ওৱৰ্ল্ড ৰেৰ্কডৰ মতে আজি পৃথিৱীৰ আটাইটকৈ ডাঙৰ ইংলিচ মিডিয়াম স্কুলখন আছে ভাৰতবৰ্ষৰ হিন্দী ভাষাৰ হাৰ্টলেণ্ড উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ চহৰত | "City Montessori school" নামৰ এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৰ্তমান ৫৫৫৪৭জন। শিক্ষকৰ সংখ্যা ২৫০০জন। মুঠ কৰ্মচাৰী ৪৫০০জন। শ্ৰেণীকোঠাৰ সংখ্যা ১০৫০টা। একলাখ টকা পৰ্যন্ত ভৰ্তি মাচুল দিয়াৰ লগতে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে মাহিলি ফিজ দিব লাগে ৪০০০ হাজাৰ টকাৰ পৰা ১০০০০ টকা লৈকে। এই তথ্যখিনি ২০১৯ চনৰ ১৬ জানুৱাৰীৰ।
দ্বিতীয় বিশ্বযুদ্ধৰ ( ১৯৩৯-৪৫) পিছৰ পৰা পূঁজিবাদী ৰাষ্ট্ৰবোৰত পূঁজিবাদী শোষণৰ অৱশ্যম্ভাবী পৰিনতি হিচাবে তৃতীয় সাধাৰণ অৰ্থনৈতিক সংকটে দেখা দিলে। সৰ্বত্ৰ পুঁজীবাদৰ মৃত্যু ঘন্টা বাজিবলৈ ধৰিলে। মৰিবৰ সময়ত মকৰধ্বজ খোৱাৰ নিচিনাকৈ বিশ্ব বেংক , আই এম এফ, ডব্লিও টি ওৰ নিৰ্দশত তৃতীয় বিশ্বৰ দেশ সমূহক উদাৰিকৰণ , ব্যক্তিগতকৰণ-- বিশ্বায়ননীতি মানি চলিবলৈ বাধ্য কৰোৱা হ'ল। এনে আত্মঘাটী নীতিৰ ফলত ইউৰোপ আমেৰিকা , জাপান , ইত্যাদি পুৰণা পুঁজিবাদী ৰাষ্ট্ৰসমূহত ২০০৮ চনৰ পৰা তীব্ৰ অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হ'ল। শিল্প উদ্যোগবোৰ এফালৰ পৰা বন্ধ হৈ আহিবলৈ ধৰিলে। শিল্পজাত সামগ্ৰীত লাভৰ পৰিমান কমি যোৱাত সাম্ৰাজ্যবাদী পুঁজিপতি সকলে তৃতীয় বিশ্বৰ উপনিৱেশবোৰৰ সেৱা খণ্ডটোত চকু দিলে। লগে-লগে ভাৰতবৰ্ষৰ দৰে দেশৰ বিশাল সেৱাখণ্ড ( Service Sector) ৰ স্বাস্থ্য আৰু শিক্ষাখণ্ড জাক-জাক পুঁজিপতি প্ৰত্যক্ষভাবেই সোমাই পৰিল। ভাৰতবৰ্ষত যোৱা এটা দশকত হঠাত ইংৰাজী মাধ্যমৰ School, College, University কে ধৰি অন্যান্য ব্যক্তিগত শিক্ষানুষ্ঠান ৰঘুমলাৰ দৰে বৃদ্ধি পাই বিনামূলীয়া শিক্ষা আৰু মাতৃভাষাৰ স্কুলক টেটু চেপি ধৰিলে। আগলৈ.........

      ✍️ হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)