বিষত যেতিয়া মৰমৰ মলম লাগে-পূৰৱী তালুকদাৰ

বিষটো ক্ৰমান্বয়ে বাঢ়িছে
ভৰিৰ পতাৰ পৰা আঁঠুলৈকে।
খোজবোৰৰ গতি হেৰাই,
চল পাই সিৰাবোৰে কুচি-মুচি শুব খোজে ।
তথাপিও ভাল লাগে
যেতিয়া  তুমি সহায়ৰ হাতখন আগবঢ়োৱা,
খুহুতীয়া কথাৰে পৰিৱেশ জীপাল কৰা,
উখহা ভৰিখন চুই সোধাঁ
"অকনমান ভাল পাইছানে?

তোমাৰ মৰমবোৰ অনুভৱ কৰি
আনন্দাশ্ৰু নিগৰে ।
মনতে ভাৱো ,
মাজে মাজে বিষ  হোৱাটো ভাল
মৰম বাঢ়ে।

✍️পূৰৱী তালুকদাৰ।
                                    

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send