বিনামূলীয়া শিক্ষাব্যৱস্থা আৰু আমাৰ ভৱিষ্যত ০৬~প্ৰবন্ধ~হেমেন হাজৰিকা

©Admin
0
(যোৱা সংখ্যাৰ পাছৰ পৰা)
১৯৪৭ চনৰ পোন্ধৰ আগষ্টত দেশৰ জনগণে ভাবিছিল যে এতিয়া আৰু ভাৰতবৰ্ষত ঔপনিবেশিকতাবাদ নাথাকিব , বিদেশীৰ শোষণ শাসন নাথাকিব , বিদেশী পূঁজি নাথাকিব , বিদেশী কোম্পানী নাথাকিব , বিদেশৰ ওপৰত নিৰ্ভৰশীলতা নাথাকিব , সৰ্বোপৰি বিদেশী ভাষা শিক্ষাৰ প্ৰচলন হ'ব | গোলামীৰ পৰা মুক্ত হ'লেহে ভাৰতৰ জনগণে বিকাশ আৰু উন্নয়নৰ পথত বিশ্বৰ অন্যান্য উন্নত জাতি সমূহৰ লগত সমানে সমানে আগুৱাই যাব পাৰিব | এয়াই আছিল দেশ প্ৰেমীক ভাৰতীয় জনগণৰ সপোন |
      কিন্তু বাস্তৱত আমি কি দেখিছো ? দেশ স্বাধীন হোৱাৰ পিছত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ সংখ্যা বাঢ়িল নে কমিল ? মাতৃভাষাৰ বিদ্যালয়ৰ অৱস্থা ভাল হৈছেনে বেয়া হৈছে ? শিক্ষা বিনামূলীয়া হৈছেনে ব্যৱসায়ীক হৈছে ? শিক্ষাৰ মানদণ্ড উন্নত হৈছেনে শিক্ষা ব্যৱস্থাৰ অধঃপতন হৈছে ?
     বহু শিক্ষা আয়োগ , শিক্ষানীতি আহিল আৰু গ'ল | ৰাধাকৃষ্ণন আয়োগ , কোঠাৰী আয়োগ , ৰাজীৱ গান্ধীৰ শিক্ষানীতিৰ ( ১৯৮৬) সৰ্বশিক্ষা অভিযানকে ধৰি N D A চৰকাৰৰ সুব্ৰমনিয়াম কমিটি আৰু শেহতীয়াকৈ ড' কস্তুৰীৰংগন কমিতি | কিন্তু এই আয়োগ আৰু কমিতিৰ প্ৰতিবেদন অধ্যয়ন কৰিলে আমি দেখা পাওঁ যে এইবোৰত ভাৰতীয় জনগণৰ সপোন প্ৰতিফলিত হোৱা নাই | বৰং এইবোৰ লৰ্ড মেকলেৰ প্ৰতিবেদনৰ এটা এটা নতুন সংস্কৰণ মাত্ৰ | কমিতিৰ নামটো ভাৰতীয় , কিন্তু কমিতিৰ নিয়ন্ত্ৰণ এতিয়াও বিদেশী শক্তিৰ হাততেই | যেনে ১৯৬৪ চনৰ কোঠাৰী আয়োগ | আয়োগৰ অধ্যক্ষ ডি়.এল কোঠাৰী এজন ভাৰতীয় নাগৰিক | কিন্তু বাকী সদস্য সকলৰ সৰহ সংখ্যকেই বিদেশী সাম্ৰাজ্যবাদী ৰাষ্ট্ৰৰ যেনে --- H L Elvin লণ্ডনৰ ,J L Modugall পেৰিছৰ ,V. S Jhaলণ্ডনৰ , Roger Revelle আমেৰিকাৰ ,Jean  Thomas  ফ্ৰাঞ্চৰ S A Shumovsky ৰাছিয়াৰ Sadatosi Thara  জাপানৰ আদি | আয়োগৰ ২০জন পৰামৰ্শদাতাৰ আটাইকেইগৰাকী আছিল বিদেশী পুঁজিবাদী সাম্ৰাজ্যবাদী ৰাষ্ট্ৰৰ দ্বাৰা মনোনীত বিদেশী নাগৰিক , যাৰ বাবে স্বাধীন দেশৰ শিক্ষা আয়োগে নিজ দেশৰ মাতৃভাষাৰ সলনি ব্ৰিটিছ সকলৰ মাতৃভাষীকে ভাৰতীয় সকলৰ ওপৰত আকৌ জাপি দিলে | অৰ্থাৎ ব্ৰিটিছ শিক্ষানীতিয়েই চলি থাকিল ভাৰতত | এনেধৰণৰ সাম্ৰাজ্যবাদী ৰাষ্ট্ৰৰ প্ৰতিনিধিৰে গঠিত সকলোবোৰ শিক্ষা আয়োগে যে ইংৰাজী মাধ্যমক গুৰুত্ব দিব আৰু লগতে শিক্ষাৰ ব্যক্তিগতকৰণ নীতিকহে সমৰ্থন দিব সেয়া ধুৰূপ |

আগলৈ  --

       ✍হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)