আপোন বুলিবলৈ জগতত কোনো নাথাকে,
সকলো আঁতৰি যায়
এদিন নিজে নিজে।
মাটিৰ মানুহো মিলি যায়, মাটিৰ লগত।
সময়ৰ সোঁতত আপোনবোৰ
হৈ পৰে গৈ পৰ,
ছাঁটো নহয় নিজৰ
ৰ'দৰ অৰণ্যত
নিতৌ চলাথ কৰোঁ।
দুহাত মেলি বিচাৰোঁ
জীৱনৰ সঞ্জীৱনী পোহৰ।
✍️চন্দন দাস ( বাক্সা ,নিকাছি )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ