আকৌ একলম লিখোঁ বুলি হাতত কলম তুলি লৈছোঁ। কি জানা? এক অবুজ শিহৰণত নিজকে বুজাব নোৱাৰি প্ৰথমবাৰলৈ মনৰ ভাৱ প্ৰকাশ কৰিছিলোঁ। সেয়া আছিল যৌৱনৰ প্ৰথম শিহৰণ...! কেইটামান শব্দই বৰকৈ আমনি কৰিছে...
"চিনাকীয়ে স্মৃতি"..
"স্মৃতিয়ে প্ৰেৰণা"...
প্ৰেৰণাৰ মাজেৰেই প্ৰেমৰ প্ৰেৰণাৰ দিন যায়...
অতীত হেৰাই যাব...
কিন্তু তোমাৰ স্মৃতি কেতিয়াও নেহেৰাই...।।
মাইনী... হৃদয় নামৰ শব্দটোৰ অৰ্থ অলেখ...হয়তো ইও এক ব্যঞ্জনাময় শব্দ...অনুভৱৰ ছন্দত জীপাল হৈ থকা ই এক ব্যঞ্জনা...অলপ দুখ পালেই চকুলো বিৰিঙে, অলপ সুখ পালেই জীয়াই থকাৰ দুৰ্বাহ হেঁপাহ এটা বাঢ়ি যায়..সেয়ে হয়তো মোৰ হৃদয়ে কেৱল তোমাক বিচাৰে...তাত মই মোৰ সুখ বিচাৰি পাওঁ অ...।
কি জানা- " মৰমৰ চকুপানী বৈ যায় আপোনজনে আঘাত দিলে, মুখত হাঁহি বিৰিঙি উঠে, আপোনজনে বুজি পালে..দুখ লাগে অতীতৰ কথাবোৰে আমনি কৰিলে,..ভাল লাগে আপোনজন আপোন হৈ কাষত থাকিলে..।কিন্তু ভাল নালাগে মাইনী..অভিমান কৰি আনৰ হৃদয়ৰ লগত যুজঁ কৰিলে"..! এইখিনি লৈকে মোৰ ভ্ৰান্ত কল্পনাৰে কি লিখিলোঁ গমকে নাপালোঁ। ভুল নুবুজিবা...
আৰু নিলিখোঁ। এতিয়া আৰু আগৰ সেই মধুৰময় সময়বোৰ আমাৰ হাতত নাই। জীৱনৰ আশা-ভৰসা বুলি কোনো প্ৰশ্নই আমনি নকৰে এতিয়া মোক! তুমি তোমাৰ সুখৰ বাট মুকলি কৰি লৈছা বুলি জানি মই অলপো দুখ কৰা নাই। কাৰণ তুমি সুখত থকাটোৱে মই কামনা কৰি আহিছিলোঁ। কুশলে থাকিবা। তোমাৰ ভৱিষ্যত জীৱনলৈ অযুত শুভকামনা...!
ইতি
অনুৰাজ
🖋️পৰেশ দাস,ঢকুৱাখনা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ