সংগ্ৰামী জীৱন-ধৃতাশ্রী বৰ্মন

Rinku Rajowar
0
এয়া এজন খেতিয়কৰ বাস্তৱ জীৱন কাহিনী। তেওঁ আছিল এজন সহজ সৰল মানুহ আৰু এই সহজ সৰলেই এদিন চাগে তেওঁৰ বাবে কাল হ'ল, কাৰণ তেওঁৰ  নিজ মাতৃয়ে তেওঁক এদিন ঘৰৰ পৰা উলিয়াই দিছিল।
  এদিনাখনৰ কথা-----
  মাতৃ : ঐ তই আজি, এই মূহুৰ্ততে  ঘৰৰ পৰা ওলাই যা।
পুত্র: কিন্তু কিয় মা? মই ক'ত যাম? ক'ত থাকিম? 
 মাতৃ: সেইবোৰ মই একো নাজানো। মুঠতে তই এইখন ঘৰৰ পৰা ওলাই যা। 
পুত্র: "ঠিক আছে তেন্তে। একো নাথাকিলেও ঈশ্বৰে দিয়া সাহস আৰু বিশ্বাসখিনি তো আছে মোৰ লগত। আৰু এটা কথা, এদিন মইয়ে তোক বিপদত সহায় কৰিব লাগিব, চাই থাক তই। আহিছোঁ মই।"
এনেকৈয়ে তেওঁ ঘৰৰ পৰা ওলাই আহিল। কিন্তু তেওঁ ক'ত থাকে কোনেও নাজানে!!  
      কেইবছৰমান পিছত  তেওঁৰ পিতৃয়ে তেওঁক ৰাষ্টাৰ কাষত দেখা পাই ঘৰলৈ লৈ গ'ল আৰু বেলেগকৈ থকাৰ ব্যৱস্থা কৰি দিলে। তেওঁৰ পিতৃও তেওঁৰ দৰে সৰল মনৰ আছিল। 
  এনেকৈয়ে তেওঁ খেতি বাতি কৰি কোনোমতে চলি থাকিল। বিয়া- বাৰু কৰালে। ভগৱানৰ কৃপাত তেওঁৰ বৰ্তমান সুখৰ সংসাৰ। তেওঁৰ দুজনী কন্যা সন্তান আছে। 
বৰ মৰম লগা ছোৱালী দুজনী, মাক দেউতাকক ভগৱানৰ দৰে জ্ঞান কৰে, পিতৃ মাতৃক ইয়াতকৈ বেছি আৰু কি লাগে। 
   খেতিয়কজনৰ আচলতে চাকৰি হোৱা কথা আছিল, সকলো কাম হৈ গৈছিল মাত্র তেওঁ জইন কৰিব বাকী আছিল, কিন্তু "বিধাতাৰ লিখন নাযায় খন্দন"।
 ভূলবশত: তেওঁৰ ঠাইত বেলেগে জইন কৰিলে। বহুত চেষ্টা কৰিও তেওঁ চাকৰিতো ঘূৰাই নাপালে! প্রায় ১৫ বছৰ ধৰি তেওঁ যুঁজিলে তথাপিও একো কৰিব নোৱাৰিলে, শেষত তেওঁ ভাবিলে যে 
"সকলো বাদ দি  মই খেতিত ধৰায়ে ভাল হব। নালাগে মোক চাকৰি!মই  কষ্ট কৰিম আৰু মোৰ ছোৱালী দুজনীক মানুহ বনাম। এইয়াই মোৰ উদ্দেশ্য।"
   এইজন এনেকুৱা এজন সাহসী মানুহ যাৰ মূৰৰ ওপৰত এটা এটাকৈ বহুতো ধুমুহা পাৰ হৈ গল, তথাপিও তেওঁ মনত সাহস আৰু বিশ্বাস ৰাখিছে যে এদিন তেওঁৰো ভাল হব। 
     ২০১৬ চনৰ কথা- 
    খেতিয়কজনে ভৰ দুপৰীয়া পথাৰৰ পৰা আহি, বাৰান্দাতে শুই শুই কিবা ভাবি আছিল!!!
এনেতে  ডাঙৰ ছোৱালী জনী আহি দেউতাক শুধিলে_
ছোৱালীজনী: দেউতা তুমি কি ভাৱি আছা? 
দেউতাক: ভাবিছো!! যিখিনি পইছা পাওঁ সেইখিনিৰে দেখোন দিনতোও ভালদৰে নুজুৰে ও আই!!
 ছোৱালীজনী: "দেউতা ভগৱানে আমাৰ লগত কিয় এনেকুৱা কৰিলে!"
 দেউতাক: এয়া তেওঁৰে লীলা। ভগৱানে যি কৰে ভালৰকাৰণে কৰে হেনো.......
 ছোৱালীজনী: তথাপিও দেউতা, 
 ইমান অভাৱত কেনেকৈ দিনবোৰ পাৰ কৰো?
 দেউতাক: শুনা আই, আজি ১৬ বছৰে তোমাক কিবা অভাৱ দিছো  নেকি, একোৰে অভাৱ দিয়া নাই। যেতিয়ালৈ মোৰ শক্তি থাকিব তেতিয়ালৈ একোৰে অভাৱ নোপোৱা। 
    মাত্র তোমালোক সফল হোৱা, যাতে এদিন মই কব পাৰোঁ-----
  এইয়া মোৰ ছোৱালী!
 ধুমুহাৰ মাজেৰে পাৰ হৈ যোৱা এইয়া মোৰ ছোৱালী। 
সংগ্রামলৈ ভয় নকৰা এয়া মোৰ ছোৱালী। 
ছোৱালীজনী: "দেউতা, মোক নালাগে একো; মাত্র তোমালোক মোৰ লগত থাকিলেই মই সুখী। মাত্র মোক সাহস আৰু প্রেৰণা দি থাকিবা, সেয়াই মোৰ বাবে যথেষ্ট।"
দেউতাক: হুম, জীৱনত কেতিয়াও আশা এৰি নিদিবা,, হয়তো তোমাৰ জীৱনত আগুৱাই যোৱা পথ সলনি কৰিব লাগিব পাৰে, তুমি যি বিচাৰিছা সেয়াও তুমি  নাপাব পাৰা কিন্তু বিশ্বাস কৰা; যেতিয়া তুমি এই সংগ্ৰাম বিলাকক সাহস হিচাপে লৈ আগুৱাই যাবা এদিন নহয় এদিন সফল হবায়ে। এজন পিতৃ হিচাপে এইখিনিয়ে তোমাক ক'লো মই।
    
        ৪ বছৰ পিছত........ 
 
       যিজনী মাতৃয়ে তেওঁক ঘৰৰ পৰা উলিয়াই দিছিল, আজি সেইজনী মাতৃৰ জীৱন এই খেতিয়ক জনৰ হাতত, কাৰণ তেওঁক এতিয়া চোৱা-চিতা কৰে এই খেতিয়ক জনে। 
  
     "সেইকাৰণে মানুহে অহংকাৰ কৰিব নালাগে। কাৰণ কাৰ জীৱনত কি লিখা থাকে সেয়া কোনেও নাজানে।"
   
          ✍ ধৃতাশ্রী বৰ্মন, নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)