নীলা খামৰ চিঠি~পৰেশ দাস

©Admin
0
মৰমৰ মাইনী,
      
      হঠাৎ একলম তোমালৈ...আজি মই যাবলৈ ওলাইছোঁ মাইনী। সেয়ে আজি তোমালৈ বৰকৈ মনত পৰিছে অ'... সপোন সপোন লগা কাহিনীতো বাস্তৱ হ'বলৈ যোৱাৰ  সময়তে আকৌ এটা সপোন হৈয়ে থাকিল। আঁজুৰি আনি শেষ কৰিব পৰা হ'লে সমস্ত সমস্যা আজিয়ে শেষ কৰি মুখত হাঁহি এটি লৈ নামনিলৈ গুচি গলোঁহেঁতেন। ৰ লাগি চালোহেঁতেন...সহস্ৰ নিশাত ভাঙিলোঁ হেঁতেন অতীতৰ এটা এটা অভিমান। শুনিলোঁহেঁতেন বুকুৰ স্পন্দন..! আমাৰেই দুৰ্ভাগ্য সেই কথা শুনিবলৈ মোৰ সৌভাগ্য নহ'ল। প্ৰতিটো মিনিট,প্ৰতিটো ঘণ্টাত দূৰত্ব বাঢ়ি আন এখন দেশলৈ গুচি যাম। তোমাক এবাৰ ৰ লাগি চাবলৈ,এষাৰ মাত শুনিবলৈ সৌভাগ্য নহ'ব। তথাপিও তোমাৰ বাবেই ৰৈ থাকিমগৈ। ভুলতে হ'লেও ভাবিছোঁ এদিন আমাৰ সপোনে যে পোখা মেলিব,  জীৱনৰ গান একেলগে গোৱা সৌভাগ্য উদয় হ'ব। দুখৰ দিনত এটা হাঁহিক দুয়োজনে গুজি লম,জাৰৰ দিনত ইজনে আনজনৰ উত্তাপ হম। তেনেকৈ পাৰ হ'ব এটা এটা বসন্ত । অপেক্ষা কৰিবানে মোলৈ মাইনী? আৰু লিখিব নোৱাৰোঁ। চকুৰে বাট নেদেখা পৰত তোমালৈ মোৰ অন্তৰৰ বহুত বহুত মৰম। কুশলে থাকিবা।

     ইতি
 তোমাৰ অনুৰাজ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)