মৰমৰ বোপাই,
মই তোৰ মাৰে কৈছোঁ অ' বোপাই। তোৰ মুখখন চাবলৈ আজি বৰকৈ মন গৈছে। তোৰ প্ৰথম মুখখন চাবলৈ মই যে ন মাহ দহ দিন অপেক্ষা কৰিব লগীয়া হৈছিল। আজি তোক তিনিটা বছৰেই দেখা নাই মই। তই যিদিনাই বৃদ্ধাশ্ৰমত থৈ গলি সেইদিনাৰ পৰাই তোক এবাৰ চাবলৈ বৰ ব্যাকুল হৈ পৰিছোঁ মই। সেই হেঁপাহ মোৰ পূৰ নহ'ল অ বোপাই। তই কুশলে আছনে বোপাই? আজি আগৰ কিছুমান পুৰণি কথাই বৰকৈ বুকুখনত খুন্দা মাৰিছে অ'। এদিন তোৰ দেউতাৰাই মদ খাই আহি তোক মাৰি পেলাব লৈছিল আৰু সেইদিনা মই তোক বচাবলৈ যাওঁতে দেউতাৰ লাঠীৰ কোব মোৰ হাতত পৰিছিল। সেইদিনাই মোৰ বাওঁহাতখন ভাঙি গৈছিল। তই ডাঙৰ হোৱা পাছতো মই সেই কথা কোৱা নাছিলোঁ। সেয়ে মই বৃদ্ধকালত একেবাৰে কাম কৰিব নোৱাৰা হৈ পৰিলোঁ অ। বোপাই তই কুশলে থাকিবি দেই। তই ভাল পাৱ কাৰণে মই বৰষুণৰ বতৰতো বন শাক বুটলি খুৱাইছিলো। ৰাতি ঠাণ্ডা পাৱ কাৰণে মোৰ গাৰ চাদৰখন তোৰ গাত জাপি শান্তি পাইছিলোঁ । মোৰ বোপাইটো আছিলি যে তই। মাটি বন্ধকত দি তোক এম.এ পঢ়াইছিলোঁ। ঘৰৰ গৰু ছাগলী সকলোবোৰ তোৰ নামতেই বিক্ৰী কৰিছিলোঁ। তই আমাৰ সপোন পূৰ কৰি কলেজৰ শিক্ষক হ'লি কিন্তু মোৰ শেষ আশা তই পূৰণ কৰিব নোৱাৰিলি বোপাই। মোক তই বোজা বুলি ভাবি ইয়াত এৰি থৈ গলি। কিন্তু মোৰ সৰু বোপায়ে মোৰ কোলাত এতিয়াও মাজে মাজে কান্দে। সপোনতে তোক সোণ বুলি মাতি দুগ্ধ পান কৰাও। কিন্তু সাৰ পালেই মই পৃথিৱীখন আন্ধাৰ দেখোঁ অ বোপাই। তই কুশলে থাকিবি। মই আৰু এইখন পৃথিৱীত বেছিদিন নাথাকো। ল'ৰা ছোৱালী দুটাক মানুহ কৰিবি। মোৰ দৰে যাতে তহঁতি ইয়াত থাকিব লগীয়া নহয়। ইয়াত বহুত কষ্ট...! এইখনেই তোলৈ শেষ চিঠি। কেতিয়াও মোক চাবলৈ নাহিবি...!
ইতি
তোৰ বৃদ্ধাশ্ৰমত থকা মা
ঠিকনা-বৃদ্ধাশ্ৰম।
✍পৰেশ দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ