সাংবাদিকে সাংঘাতিকে
মিলিজুলি দিনটোৰ
২৪ ঘণ্টাই তিলটোকে
তাল কৰি ঢোলে ডগৰে
দবাপিটাই চিঞৰ বাখৰেৰে !
দেশৰ সম্প্ৰীতিক সামাজিক
পৰিৱেশ প্ৰদূষিত কৰে আৰু
নিজকে সংবাদকৰ্মী গণতন্ত্ৰৰ
চতুৰ্থ স্তম্ভ বুলি দম্ভালি মাৰি
বুজাব খোজে নিজেই সৰ্বেসৰ্বা বুলি !
আকৌ কেতিয়াবা নিজেই
সংবাদৰ নামত শিৰোনাম
দখল কৰে, এয়াই বৰ্তমান
সাংবাদিকতা নে বাৰু ?
সাংঘাতিকতা সৰ্বসাধাৰণ
জনতাই ধৰিবকেই নোৱাৰে ৷
পাৰে যদি কোনজন সাংবাদিক
আৰু কোনজন সাংঘাতিক
সমাজে চিহ্নিত কৰিব;তেহে পাৰিব
সমাজত শান্তি সম্প্ৰীতিৰে আৰু
উন্নয়নৰ পথেৰে আগবাঢ়ি গৈ
সমাজখনক সৌন্দৰ্য্যপূৰ্ণ কৰি তুলিব ৷
✍️ ছাইফুদ্দিন আহমেদ
স্তম্ব নহয় স্তম্ভ ৷
ReplyDeleteহিৰোনাম নহয় শিৰোনাম ৷
ধন্যবাদ ইতিমধ্যে শুদ্ধৰণি কৰা হৈছে ।
Delete