সংবাদকৰ্মী -ছাইফুদ্দিন আহমেদ

©Admin
2
সাংবাদিকে সাংঘাতিকে 
মিলিজুলি দিনটোৰ 
২৪ ঘণ্টাই তিলটোকে 
তাল কৰি ঢোলে ডগৰে 
দবাপিটাই চিঞৰ বাখৰেৰে !
 
দেশৰ সম্প্ৰীতিক সামাজিক 
পৰিৱেশ প্ৰদূষিত কৰে আৰু 
নিজকে সংবাদকৰ্মী গণতন্ত্ৰৰ
চতুৰ্থ স্তম্ভ বুলি দম্ভালি মাৰি 
বুজাব খোজে নিজেই সৰ্বেসৰ্বা বুলি !

আকৌ কেতিয়াবা নিজেই 
সংবাদৰ নামত শিৰোনাম
দখল কৰে, এয়াই বৰ্তমান 
সাংবাদিকতা নে বাৰু ?
সাংঘাতিকতা সৰ্বসাধাৰণ 
জনতাই ধৰিবকেই নোৱাৰে ৷

পাৰে যদি কোনজন সাংবাদিক 
আৰু কোনজন সাংঘাতিক 
সমাজে চিহ্নিত কৰিব;তেহে পাৰিব 
সমাজত শান্তি সম্প্ৰীতিৰে আৰু
উন্নয়নৰ পথেৰে আগবাঢ়ি গৈ
সমাজখনক সৌন্দৰ্য্যপূৰ্ণ কৰি তুলিব ৷

  ✍️  ছাইফুদ্দিন আহমেদ 

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. স্তম্ব নহয় স্তম্ভ ৷
    হিৰোনাম নহয় শিৰোনাম ৷

    ReplyDelete
    Replies
    1. ধন্যবাদ ইতিমধ্যে শুদ্ধৰণি কৰা হৈছে ।

      Delete
Post a Comment