বাহিৰৰ আকাশত ধুনীয়া জোনটোৱে ভুমুকি মাৰিলে
আকাশত ক'লা ডাৱৰে ছানি ধৰিছে
মোৰ চকুত অকণমানো টোপনি নাই।
বিচনাৰ পৰা লাহেকৈ নামি
দুৱাৰখন খুলি দিলোঁ
মৃদু বতাহ এছাটিয়ে মোৰ
দেহ মন চুই গ'ল।
আহ...
কি শান্ত নিজান এই গধূলি সময়
সপোন ৰচিছো...
জোনটোৰ সৈতে কথা পাতিছো
বহু সময় তেনেকৈয়ে পাৰ কৰিলোঁ
মনটো কিছু পাতল হ'ল
লাহেকৈ টোপনিয়ে সেঁচা মাৰি ধৰিলে
দুৱাৰখন জপাই আকৌ বিচনাত শুই পৰিলোঁ।
✍দিপশিখা ৰাজকোঁৱৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ