গল্প-হেৰাই গ'ল-দিপশিখা ৰাজকোঁৱৰ

প্ৰায় একৈশ বছৰীয়া এগৰাকী যুৱতী। দৌৰি সোমাই আহিছে চিকিৎসালয়লৈ । পিন্ধনত এযোৰ চুৰিদাৰ । মুখত বিয়পি পৰিছে ক্ষোভ , দুখ আৰু কান্দোন । মূৰৰ দীঘল চুলিকোছা আউল -বাউল হৈ আছে। মাধুৰীৰ মাকৰ ফোন পাই হিমাই লৰা-লৰিকৈ চিকিৎসালয়লৈ দৌৰি অহাদি আহিছে।
          ওচৰতে ৰৈ থকা মানুহ এজনক ১২ নম্বৰ ৰূমটো কোনফালে আছে সোধি বিচাৰি পালে মাধুৰী ভৰ্তি হৈ থকা ৰূমটো। মাধুৰীৰ মাকক দেখাৰ লগে লগে হিমাই কান্দি কান্দি সোধিলে - "মা , মাধুৰীৰ  কি হৈছে ? তাইৰ লগত সেইদিনা কথা পাতোতেও বৰ মন মাৰি আছিল । হঠাৎ তাইৰ কি হ'ল মা..."
মই একো নাজানো হিমা‌।তাইৰ বোলে বহুত ডাঙৰ বেমাৰ হৈছে । ডাক্তৰে এতিয়ালৈ একো কোৱা নাই।অলপ পিছতে গম পাম। কথাটো কোৱাৰ লগে লগে মাধুৰীৰ মাকে হুকহুকাই কান্দিবলৈ ধৰিলে । হিমাই সান্তনা দিছে মাকক - "মা আপুনি ধৈৰ্য ধৰক । তাইৰ একো নহয় মা।"
        হিমা তুমিতো তাইৰ লগত পাঁচবছৰ একেলগে অতিবাহিত কৰিলা । তুমি তাইক বুজি পোৱা । তাই তোমাক কিবা কৈছিল নেকি ?
কথাটো শুনাৰ পাছত হিমাৰ বহুত কথাই মনত পৰি গ'ল।তাই সকলো কথাই কৈছিল তাইক। কেতিয়াবা তাই কথাবোৰ কৈ বহুত কান্দে। কেতিয়াবা তাইক কান্দোনৰ পৰা ৰখাব নোৱাৰে । দুদিন আগত তাইক যিটো কথা ক'লে সেই কথাটো শুনাৰ পাছত  তাই কল্পনাও কৰা নাছিল । ইমান হাঁহি থকা ছোৱালী এজনীৰো যে ইমান দুখ বুকুৰ মাজত সোমাই থাকিব পাৰে ।
            কথাবোৰ ভাবি ভাবি তাইৰ দুচকুৰে চকুলো বাগৰি আহিল । মাধুৰীৰ মাকৰ মাতত তাই গম পালে , তাই যে ভাবি আছিল কথাবোৰ।
         কি হ'ল হিমা তুমি একো নক'লা যে । তাই তোমাক কিবা কৈছিল নেকি। "মা তাই মোক সকলো কথাই কৈছিল কিন্তু তাইৰ বেমাৰৰ কথা এদিনো কোৱা নাছিল। মাথোঁ তাই কেতিয়াবা অকলে কৰবালৈ যায় । সোধিলেও নকয় তাই । মা তাইৰ সঁচাকৈ কিবা ডাঙৰ বেমাৰ হৈছে নেকি ?" হিমা তাই মোক একো নকয় । সদায় হাঁহি হাঁহি থাকে । খালি কেতিয়াবা  বহুত কান্দে । সোধিলে কয় মই সদায় তোমাৰ লগতে থাকিম মা।
          ইতিমধ্যে ডাক্তৰ ওলাই আহিল। ডাক্তৰৰ মুখৰ পৰা কথাটো শুনি দুয়োগৰাকী কান্দোনত ভাগি পৰিল।
             তাই কি সঁচাকৈ  হেৰাই গ'ল ? বহুত দূৰত কোনেও বিচাৰি নোপোৱাকৈ।তাই সদায় কয় মই হেৰাই যাম। অকলশৰে গুচি যাম এদিন। আজি তাই গুচি গ'ল সপোনবোৰৰ সৈতে আধৰুৱা হৈ । তাই আৰু কেতিয়াও নকয় মই হেৰাই যাম বুলি।

✍🏻দিপশিখা ৰাজকোঁৱৰ
একাদশ শ্ৰেণী।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send