মৰম লবা অভিমানী ছোৱালীজনী-ধনঞ্জয় ৰায়

©Admin
0
আজি মোৰ মনটো ভাল নহয় ;যেতিয়া তুমি কʼলা মোৰ শৰীৰটো ভাল নহয়।শুভ ৰাত্ৰী। তেতিয়া মোৰ দুচকুৰ টোপোনীওঁ হেৰাইছে। আজি কালি মনটো ভাল নহয় যদিওঁ ভাল ৰখাৰ চেষ্টা কৰো। কাকো বুজিবলৈ নিদিওঁ যে মই কষ্টত আছো বা দুখত আছো। তোমাকো বুজিবলৈ দিয়া নাই। তোমাৰ কিছুমান বেয়া অভ্যাস আছে সেইবাবে তোমাৰ বেমাৰ হয়।সময়ত কাম নকৰা,সময় মতে খোৱা-লোৱা নকৰা,সকলো সময়তে মৌন হৈ থাকা। তোমাক দেখোন কৈছো তুমি ভাল থাকিলেহে আমাৰ ভালৰ বাবে মই প্ৰতিটো কামেই কৰিব পাৰিম। এতিয়া তুমি অসুস্থ তেনেহলে মই জানো সুস্থ থাকিব পাৰো। আমাৰ মাজত তেজৰ সম্পৰ্ক নাথাকিলেওঁ মনৰ গভীৰ সম্পৰ্কৰে আমি দুয়ো জড়িত। তুমি মোৰ হৃদয়ৰ সংম্পৃক্ত। আজি আকৌ কলো তুমি সোনকালে সুস্থ হোৱা ঈশ্বৰৰ ওচৰত তাকেই বাৰে বাৰে কামনা কৰিছো। 
              তুমিয়ে কৈছিলা আমাৰ মাজত কেতিয়াওঁ বিশ্বাসৰ অভাৱ নহব,অভিমানৰ সংখ্যা কম থাকিব। আজি চোৱা তুমিয়ে পাহৰিছা? আৰু মই তোমাক কৈছিলো আমি অকল ভালপাই যাম দুয়ো-দুয়োকে এমুঠি বিশ্বাসক লগত লৈ আৰু কাম কৰি যাম আমাৰ ভালৰ বাবে। ব'হাগ মাহতে তোমাৰ বেমাৰ মোৰ বাবে এয়া যে সহ্য কৰ নহয়। 
আৰু শুনা মায়ে যি কয় শুনিবা।সময় মতে ঔষধ খাবা,সোনকালে সুস্থ হোৱা আৰু সুস্থ নহলে মোক কোনে খং দেখুৱাব।বহুদিন তোমাৰ খং দেখা নাই। 
 
      আজিলৈ ইয়াতে সামৰিছোঁ অভিমানী ছোৱালী। ভালকৈ থাকিবা,ভালকৈ পঢ়িবা।সদায় শুভকামনা তোমালৈ। আজিওঁ ভালপাওঁ তোমাক। 

            ইতি,
   তোমাৰ শুভাকাংক্ষী। 
     ধনঞ্জয় ৰায়।ধুবুৰী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)