বাছষ্টেণ্ডত দেখা হোৱা ছোৱালীজনী- নীলপ্ৰতিম বৰা

©Admin
2
হ‍‌ঠাৎ বাছষ্টেণ্ডত দেখা হোৱা ছোৱালীজনী
মোৰ কাষতে আহি থিয় হলহি;
বৰষুণজাকেও ডাৱৰৰ মাজেৰে নামি আহি  সঁহাৰি জনালে মোৰ হৃদয়ৰ কোঠালিলৈ,
অনুমতি নোলোৱাকৈ মোৰ হৃদয়ত তাই থিতাপি ল'লে।

ৰঙাকৈ জিলিকা দুগালত মৰমৰ বুলনী
শিল পৰা কপৌ দৰে একেথিৰ চকুহালি
দুখত ভাগি পৰা  শৰীৰটিৰ আঁৰত তাইৰ কুমলীয়া যৌৱন
ওঁঠযোৰীয়ে বহু কথাই কব বিচাৰে হয়তো আপোনজনৰ অভাৱ।

তাইৰ চহৰখনতে নিজক বিচাৰিছোঁ,
পশু খেদা সপোনত তাইক লৈয়েই মৰম জোকাৰনি।

দুৰু দুৰুকৈ কঁপি উঠা বুকুখনত অবুজ শিহৰণ এটি জাগিল;
বেণীগোঠা সপোনৰ উলট-পালট ভাৱনাত
কেঁচা যৌৱনৰ মৰমৰ টোপোলাটিৰে
কলিজাখন দুভাগ কৰি আমি হলো।

অনামিকা আঙুলিত সপোনবোৰ গাঁঠি
ৰাতিৰ সামাজিকত তুলসীৰ মালা মূৰত বান্ধি 
তামুলী পীড়াত ভৰি থৈ থিয় দিম তাইৰ পদূলিত।

বাছষ্টেণ্ডত দেখা হোৱা ছোৱালীজনী,
বেণীগোঠা সপোনৰ  উলট-পালট ভাৱনা।
        
          ✍️  নীলপ্ৰতিম বৰা,টীয়ক
  

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment