অভিমানী প্রিয়া-হুমায়ুন কবীৰ

তুমি খং কৰা মই 
তোমাৰ অভিমান ভাঙিম ।

তুমি নামাতিলেও 
মই তোমাক মাতিম ।

জানা নে তোমাৰ
 অভিমানো যে মোৰ প্ৰিয় ।

কিন্তু এই অভিনমানবোৰ
 অভিমান হৈয়েই থাকিবলৈ দিবা ।
 
অভিমান বোৰ যেতিয়া 
অহংকাৰ বা জেদ হৈ যায় তেতিয়া,,,,

তেতিয়া জানানে কাঁচৰ দৰে 
ঠুনুকা হৃদয়খনো ভাঙি চুৰমাৰ হৈ যায় । 

প্ৰেমৰ ফুলনিত খিলখিলাই হাঁহি 
থকা ফুলপাহো শুকাই মৰহি সৰি পৰে ।

প্ৰিয়া তুমি মোৰ স্তব্ধ
হৃদয়ৰ স্পন্দন ।

তুমি মোৰ ভাষা বিহীন সুখ ।
তুমি মোৰ অবুজ মন ।

তুমি মোৰ জীৱনৰ আশা ।
য'ত তুমি তাতেই মই ।

তুমি মোৰ জীৱনৰ ৰং ।
তুমি মোৰ চাৰি ঋতু ।

শীতৰ তুমি কোমল ৰ'দ ।
গ্ৰীষ্মত তুমি শীতল বতাহ ।
বাৰিষাৰ তুমি বৰষুণ ।
আৰু বসন্তত,,,,,,
বসন্তৰ তুমি মোৰ মনত 
ফুলা ন-কুঁহিপাত ,সুখ, 
শান্তি ,আনন্দ, ফুৰ্তি ।

তুমি মোৰ বেসুৰীয়া 
গীতৰ গুণগুণনি। 
তুমি মোৰ মিলন থকা 
কবিতাৰ ছন্দ । 

তুমি বোৱতী নৈ ,,
আৰু মই তোমাৰ সোঁত ।

মই নিজৰা হৈ বৈ গৈ তোমাৰ  
বিশাল সাগৰৰ বুকুত হম লীন  ।

তুমি যে মোৰ অভিমানী প্রিয়া ।

       

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send