সম্পাদকীয় - বহাগ বিহু বিশেষ

©Admin
0
"বহাগ মাথোঁ এটি ঋতু নহয়
নহয় বহাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ।"
            প্ৰত্যেক অসমীয়াৰ হিয়াৰ আমঠু বহাগ অসমীয়াৰ আৱেগ। ই মাথোঁ এটি ঋতু বা মাহ নহয়। অসমীয়া জাতিৰ স্বাভিমান এই বহাগ। যৌৱনৰ জীৱন্ত প্ৰতীক বহাগ।
            বহাগ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো মাহ। নৱবৰ্ষৰ এই মাহেন্দ্ৰ ক্ষণত সকলো সজীৱ হৈ উঠে নিজস্ব স্বকীয়তাৰে। বহাগ অসমীয়াৰ হেঁপাহৰ ৰঙৰ উৎসৱ। গছে ন পাত ধাৰণ কৰে। প্ৰকৃতি যৌৱনা হয়, বৃষ্টিৰ পৰশে কঢ়িয়াই কেঁচা মাটিৰ সুগন্ধি। প্ৰকৃতিৰ এই নতুন ৰূপক আৰু অধিক জ্যোতিস্মান কৰি তুলিবলৈ চহা অসমীয়া জনগণে উদযাপন কৰে বহাগ বিহু। বহাগ বিহু অসমীয়া জাতিৰ বাপতি সাহোন। ডঃ ভূপেন হাজৰিকাদেৱে তেখেতৰ কাব্যিক ভাষাৰে অতি সুন্দৰভাৱে বহাগক ৰূপায়িত কৰিছে।
            প্ৰকৃতিৰ যৌৱনৰ উন্মাদনাত কোঁহে-কোঁহে শিপাই প্ৰেম। ফাগুনৰ বিৰহ বেদনা নেওচি বহাগ আহে মিলনৰ বতৰা লৈ। অসমীয়া কৃষিজীৱি ৰাইজৰ ৰং, আনন্দ, আৱেগ-অনুভূতিৰ উৎসৱ। প্ৰকৃতিৰ বুকুতে সৃষ্টি হয়। বহাগত প্ৰকৃতিৰ এই অপূৰ্ব সৃষ্টিয়ে মানুহৰ মনোজগততো সৃষ্টিৰ হাবিয়াস জগাই তোলে। সৃষ্টিৰ আনন্দৰ স্বতঃস্ফূৰ্ত ৰূপটোৱেই হৈছে বহাগ বিহু। অনৈক্যৰ মাজত ঐক্যতা বিৰাজ কৰা অসমভূমিৰ সমন্বয় আৰু সংমিশ্ৰণৰ চেতনাক সজীৱ কৰিবলৈ প্ৰতিবছৰে বহাগ আহে লুইতৰ পাৰলৈ; অসমীয়াৰ পৰিচয় হৈ, অসমীয়াৰ অস্তিত্বৰ প্ৰতীক হয়।
            এই বহাগে প্ৰত্যেকজনৰ বাবে কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা। সকলোৰে মন মানসিকতাত নৱ নৱ চিন্তাৰ উন্মেষ হওঁক। সকলোৰে জীৱনাকাশ পোহৰ হৈ উঠক। তাৰেই কামনাৰে সকলোলৈকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। নতুনৰ ৰঙেৰে সকলোৰে জীৱন ৰঙীণ হৈ উঠক।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)