শেৱালি ভৰা তুমি কল্পনা
গোপনে গোপনে ছবি অঁকা
নিমাত নিজান প্ৰেম ভালপোৱা
চকুৰ পলকতে হঠাৎ আহি
যোৱাহি কিয় সপোন ভাগি
মৌনতাৰে ভৰা চকুৰ চাৱনি
ওঁঠৰ ফাঁকেৰে বাগৰা বহু কাহিনী
সমুখত অহা তুমি ৰঙা গোলাপৰ পাহি
কাঁইটীয়া সেই তুমি দিয়া হাঁহি
সিক্ত নয়নে ভৰা চকু জুৰি
আধৰুৱা মোৰ এই জীৱন সোণোৱালী.......
🖋️অংশুমান কলিতা
ডিব্ৰুগড় বিশ্ববিদ্যালয়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ