প্ৰাণৰো প্ৰাণৰ
চহা কৃষকৰ উৰ্বৰা ভূমিত সিঁচি এমুঠি সৃষ্টিৰ বীজ ।
বৰদৈচিলাৰ এজাক চেঁচা বৰষুণে
দেহাটি শিৰশিৰাই পিৰপিৰাই
বসন্তৰ সুবাস বিলায় ।
কুলিটিৰ সুৰে সুৰে বসন্তৰ বতৰা
দুহাত জেতুকা বুলোৱা বৰ্হমথুৰিৰে দুটি ওঁঠ কঁপোৱা
অ' মোৰ বসন্তৰ বলীয়া-বা ।
যৌৱন ঘূৰাই পাওঁ তোৰ লিহিৰী পৰশত
শুকুলা কপৌপাহেৰে খোপাটি সজাই হ'ব খোজো মই বহাগৰ নাচনী ।
তোৰ সেউজবুলীয়া হাঁহিবোৰ,
নীলিম বুকুৱেদি সাতোৰঙী ৰামধেনু
জাগি উঠে প্ৰণয়ৰ মধু গুঞ্জন ।
জেতুকা বুলীয়া হাঁহি লাহী-পাহি নাচনীজনীৰ সুকোমল ওঁঠত
উত্ৰাৱল হৃদয় ।
কৃষ্টি সংস্কৃতিৰ ভেটি টনকিয়াল কৰি
যৌৱন-যুৰীয়া বতাহজাকে
সৃষ্টিৰ পাতনি মেলে ।
প্ৰকৃতি শস্য সম্ভৱা,
জেতুকা পাতৰ দৰে
বৰদৈচিলাৰ ৰিমঝিম ঝংকাৰ
যেন ইন্দ্ৰৰ নন্দন কানন পুষ্পৰ সমাহাৰ
মেঘৰ মাদলৰ সুৰে সুৰে সপোনৰ ফেহুঁজালি।
🖋️ৰুমী কলিতা দত্ত
২নং কেনুগুৰি ,টিংখং
পোঃঅঃ-ধমন জিলা-ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ