দেউতা-ছাইফুদ্দিন আহমেদ

©Admin
0


দেউতা মানেই মোৰ
হেজাৰ পুৱাৰ নমস্য দেৱতা !

দেউতা মানেই মোৰ
আকাশৰ পূৰ্ণিমাৰ চন্দ্ৰ ত’ৰা !

দেউতা মানেই মোৰ 
বাহুবলী শক্তিৰ মহাসাগৰ !

দেউতা মানেই মোৰ 
ডেউকা; সকলো ৰং বিৰঙী সপোনৰ !

দেউতা মানেই মোৰ 
ল’ৰালি কালৰ পুতলা  খেলা !

দেউতা মানেই মোৰ 
জীৱনৰ নিৰৱিচ্ছিন্ন ছায়াৰ বট বৃক্ষ !

দেউতা মোৰ এইখন
পৃথিৱীত মই জমাই ৰখা অনেক ঋণ !

দেউতা মোৰ এইখন
পৃথিৱীত আটাইতকৈ প্ৰীয়ৰো প্ৰীয় !

দেউতা মোৰ এইখন 
পৃথিৱীত ভগৱানৰ সমান নহয় কিয় ?

   ✍️ছাইফুদ্দিন আহমেদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)