ছদ্মবেশী-প্ৰণৱ চক্ৰৱৰ্তী

প্ৰগতিৰ বাটত 
হেঙাৰ বান্ধি
এচামে হৰিনাম আওঁৰাই থাকে,
আমি ভুলতে
সিহঁতক ভকত বুলি
সেৱা দি ফুৰোঁ ৷
সেইচাম পিশাচে 
আমাৰ তেজ শোহে,
আমি দেৱতাৰ লীলা বুলি ভুল কৰি
সিহঁতৰ শিষ্য হওঁ ৷

✍️ প্ৰণৱ চক্ৰৱৰ্তী,নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send