হুচৰী এ চ'ত আমি-হেমেন হাজৰিকা

Rinku Rajowar
0
ভাবিছিলো ক'ৰুণাৰ ক'লা ডাৱৰ আঁতৰিল | শংকা মুক্ত আকাশৰ তলত এইবাৰ অসমীয়াই উলহ মালহেৰে বাপুতি সাহোন ৰঙালী বিহু উদযাপন কৰিব পাৰিব কিন্তু পুনৰ কৰুণাৰ আতংকই অসমবাসীক ত্ৰাসিত কৰিছে | তথাপি বিহু বলীয়া অসমীয়া প্ৰাণে বিহু পতাৰ পণ লৈছে | বসন্তৰ আগমণৰ লগে লগে কপৌ , কেতেকী ,নাহৰ , তগৰৰ আমোল-মোল গোন্ধত মতলীয়া হোৱা দিনত মনোৰঞ্জন উপভোগ কৰাৰ কাৰ মন নাথাকিব | আহঁতৰ তলৰ বিহু ৰাধা গোবিন্দ বৰুৱাই মঞ্চলৈ আদৰি অনাৰ পিছত এতিয়া শদিয়াৰ পৰা ধুবুৰীলৈ মন প্ৰাণ ঢালি বিহুৰ আনন্দ উপভোগ কৰাৰ ইচ্ছা জাগিছে | 
ব'হাগ বিহুত হুচৰী গোৱা এটা পৰম্পৰা আছে | গৰুৰ বিহুৰ গধূলিৰ পৰা হুচঁৰী গোৱা আৰম্ভ হয় | ব'হাগ বিহুৰ আটাইতকৈ আকৰ্ষণীয় আৰু উল্লেখযোগ্য বৈশিষ্ট হ'ল হুঁচৰী গোৱা | লোক সংস্কৃতিৰ গৱেষক সকলৰ মতে আগতে ব'হাগ বিহুৰ সময়ত ৰাজ আলিয়েদি হুঁচৰী গাই যোৱাৰ প্ৰথা প্ৰবৰ্তিত আছিল | গৃহস্থই সপৰিয়ালে আলিবাটলৈ ওলাই গৈ মাননি শৰাই দি হুঁচৰীৰ আৰ্শীবাদ গ্ৰহণ কৰিছিল | 
          হুঁচৰী এ দলৌ চৰাই
       তামোল থোকা পাণ গুছি
        ৰূপৰ শৰাই  |
 পিছত ত্ৰয়োদশ শতিকাত আহোম ৰাজতন্ত্ৰৰ দিনত স্বৰ্গদেউ আৰু ডা-ডাঙৰীয়া সকলৰ অনুগ্ৰহ লাভৰ অৰ্থে তেওঁ বিলাকক সন্তুষিত কৰি ৰাখিবলৈ তেওঁলোকৰ চোতালত গৈ হুঁচৰী গোৱাৰ প্ৰথা প্ৰবৰ্তিত হয়  |
       দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী
    কেতেকী মলেমলাই ঐ
   গোবিন্দাই ৰাম  |
সেই তেতিয়াৰ পৰাই বিহুৱা সকলে উজনি নামনি মাৰি কেওখনি দেউতাৰ পদূলিত মাধুৰী গোন্ধোৱা, কেতেকী মলমলোৱা , স্বৰ্গদেউ বাটচৰাৰ মুখলৈ ওলোৱাৰ ক্ষণ গণি থকা হ'ল | 
আমাৰ হুঁচৰীৰ লেখিয়াকৈ মিচিং সম্প্ৰদায়ৰ ডেকা-গাভৰু সকলেও ফাগুণ মাহৰ পহিলা বুধবাৰৰ দিনা আলি আই লৃগাং উচবত ঢোল পেঁপা গগনা বজাই জুম বান্ধি গৃহস্থৰ ঘৰে ঘৰে গোমৰাগ নাচ নাচে | বড়ো জনগোষ্ঠীৰ ডেকা গাভৰু সকলেও ব'হাগৰ দ্বিতীয় দিনা লোক বাদ্য বজাই দল বান্ধি আনন্দমনে গীত নৃত্য পৰিবেশন কৰাৰ নিয়ম পূৰ্বৰে পৰা চলি আহিছে | অসমৰ আদিবাসী তিৱা ( লালুং) জনগোষ্ঠীৰ লোক সকলেও ব'হাগৰ বিহুত ঘৰে ঘৰে গৈ গৃহস্থক আৰ্শীবাদ দি দলবদ্ধ ভাবে এনে নৃত্যগীত অনুষ্ঠান পৰিবেশন কৰাৰ ৰীতি চলি আহিছে | তেওঁলোকে এই নৃত্য গীতৰ অনুষ্ঠানক বোকানাচ বোলে | 
 ৰীতি বৈশিষ্টৰ ফালৰ পৰা হঁচৰীৰ ঘাই অংশ দুটা | পোনতে হুঁচৰী কীৰ্তন আৰু তাৰ পিছত বিহু নাম | হুঁচৰী সাধাৰণতে ল'ৰা, ডেকা বুঢ়া সকলোৱে মিলি গায় | গাভৰুৰ তাত স্থান নাই | বয়সস্থ সকলে চোলা চুৰিয়াৰ উপৰিও গাত বৰকাপোৰ বা চেলেং মেৰিয়াই লয় | মুৰত পাগুৰী মাৰে | 
শ্ৰীমন্ত শংকৰদেৱে অসমত বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰাৰ লগে লগে কীৰ্তন আৰু মাধৱদেৱৰ নামঘোষা পুথিৰ পদ-পয়াৰৰ প্ৰভাৱে হুঁচৰীৰ অনুষ্ঠানক আধ্যাত্মিক অনুষ্ঠানলৈ উত্তৰণ ঘটাই  |
প্ৰথমতে হৰি ধ্বনি উছৱ কৰি বা গৃহস্থৰ কুশল কামনা সুচক আৰ্শীবাদ দি ঢোলত চাপৰ মাৰি হুঁচৰী আৰম্ভ কৰি দি পদ জোৰা হয় | 
ৰাধাই বোলে কানাই আমাক পাৰ কৰা 
এৰি যমুনাৰে জল হৈ গোবিন্দাই ৰাম |
কৃষ্ণৰ মূৰতে বকুল ফুল এপাহি 
নিয়ৰ পাই মুকলি হ'ল ঐ গোবিন্দাই ৰাম  ||
হুঁচৰী গাওতে ধুনীয়াকৈ ঘেৰ পাতি গোৱা হয় | ডিঙি ফালি ফালি ৰাগ টনা হয় |
আমি যে হুঁচৰী গাঁও ঘুৰি ঘুৰি
খুচৰি খুচৰি খাম
ডিঙি ফালি ফালি ৰাগকে টানিছোঁ
জানো ৰূপ একুৰি পাম |
হুঁচৰী শব্দৰ মূল হুঁচাৰী | হুঁ মানে চিঞৰা , ছা মানে আৰ্শীবাদ দিয়া আৰু ৰি মানে উত্তেজিত হোৱা | হুঁচৰী মানে আনন্দত উত্তেজিত হৈ চিঞৰি চিঞৰি কুশল মংগল কামনা কৰা | হুঁচৰী নিজে আহিলে কথাই নাই গৃহস্থই ঘৰলৈ মাতি আনিও হুঁচৰী গোৱায় | গুৰু ভকতক দান কৰে | নমৰা কালতে গোবিন্দাই ৰাম বুলি তাৰমানে হৰিৰ নান যশ শ্ৰৱণ কীৰ্তন কৰি পৰলোকৰ পূণ্য সঞ্চয় কৰে |
গুৰুকো কৰিবা দান মোৰ দেউতা
ভকতক কৰিবা দান  |
নমৰা কালতে অ'ৰাম বুলিবা
তেহে পাবা বৈকুণ্ঠ থান |

    🖋️হেমেন হাজৰিকা
            মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)