কি যে স্বপ্ন
ভুল নে শুদ্ধ
দিবা নে নৈশ ।
বুকু খন চিৰিং কৰি গ'ল ?
ৰাতি যায় , দিন আহে
আকৌ দিন যায়, ৰাতি আহে
এনেকৈয়ে
বহু দিন , বহু বছৰ,
বহু দশক পাৰ হৈ গ'ল
তাইজনীৰ স'তে কথা হোৱাই নহ'ল ;
তাইজনীৰ ঠিকনা ও ফোন নম্বৰটি ও
ডায়েৰী খনৰ বুকুতে হেৰাই গ'ল
তাইজনীৰ কোনো সন্ধানে'ই নোলোৱা হ'ল ।।
তথাপিতো তাইজনীৰ প্ৰতি দুৰ্বাৰ হেঁপাহ
দুৰ্বাৰ স্পৃহা , দুৰ্বাৰ মৰ্ম আৰু বহুতো
তাইৰ স'তে কথা হোৱা সময়খিনিও
হৃদয়তে মৰহি গ'ল
তাই জনীৰ কোনো খৱৰে নোহোৱা হ'ল.....!!
তাইজনী গ'ল গৈ এখনি অজান দেশলৈ
জোন - বেলি তৰা' স'তে কুক-ভা লুকা-ভাকু খেলিবলৈ.....
তাই যে পুনৰ ঘুৰি নাহে ...
মানৱ ৰূপী এই দানৱ সমাজলৈ.......?
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ