বসন্তৰ দূত-অঞ্জুমণি হাজৰিকা

©Admin
0
নিৰ্জনতাৰ বক্ষভেদি
বতাহত কঁপনি তুলি
তাই কি বিচাৰে অবোধ মনে নাজানো ।
হিয়াৰ আঁহে পাহে অনুৰাগে ঢৌ তোলে ,
জীৱন জিনাৰ শক্তি সঞ্চয় কৰোঁ ।
বসন্তৰ দূত, সুখৰ ৰহঢলা পথাৰৰ 
অমিয়া মাতৰ বুকুৰ আপোন তাই ।
ভাৱৰ বুৰবুৰণিয়ে শব্দৰ সাজ পিন্ধি
অলংকৃত কৰে সাহিত্যৰ বুকু ।
হৃদয়ৰ সেউজীয়াৰ ৰঙৰ বুলনি বোলোৱা
বসন্তৰ দুপৰীয়াৰ তাই
এচমকা ৰ'দ ।
সঁচাই , ত‌ই আছ বাবেই
জীৱনক চিনিছোঁ
দিকচৌ বাটত বাটকুৰি বাই ।

✍️অঞ্জুমণি হাজৰিকা 
                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)