বিহু ঢোলৰ প্ৰাসংগিকতা-চিন্ময় ডেকা

Rinku Rajowar
0
অসমৰ গাঁৱে-ভূঞে সিঁচৰতি হৈ আছে নানা-বৰণীয়া লোক সংস্কৃতিৰ সম্ভাৰ। ঢোল অসমৰ জনংস্কৃতিত সকলোতকৈ গুৰুত্বপূর্ণ বাদ্য যন্ত্ৰ বুলি ক’লে বোধহয় ভুল কোৱা নহ'ব । অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসৱত ঢোল অপৰিহাৰ্য্য। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্টগত বাদন প্ৰণালী আছে। ঢোলক অসমীয়ালোকে "দেৱবাদ্য" বুলি গণ্য কৰে। ঢোলৰ উৎপত্তি কৈলাসত আৰু তাৰ পৰাই পাণ্ডৱ অৰ্জুনে ইয়াক মৰ্ত্যলৈ নমাই অনা বুলি লোককথাত পোৱা যায়। পৃথিবীৰ প্ৰায়বিলাক লোক সংস্কৃতিতেই ঢোল জাতীয় বাদ্য ব্যৱহৃত হোৱা দেখা যায়। কিন্তু অসমীয়া ঢোলৰ সৰু আকাৰ আৰু তুলনামুলক ভাবে যথেষ্ট ডাঙৰ শব্দৰ লগতে ইয়াৰ ভিন ভিন ব্যৱহাৰে ইয়াক আন সকলোবিলাক ঢোলৰ তুলনাত পৃথক বৈশিষ্ট্য প্ৰদান কৰিছে। এসময়ত ঢোলৰ ছেৱেৰে মতলীয়া কৰিব পৰা ডেকাকহে অসমীয়া গাভৰুৱে জীৱন সংগিনী কৰিবলৈ বাছনি কৰিছিল। অৰ্থাৎ ঢোল বজাব পৰাটো এসময়ত অসমীয়া ডেকাৰ পৌৰুষৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। ঢোলক মানুহৰ প্ৰজনন শক্তি বুলিও ভবা হয়। অসমীয়া সমাজত বৰঢোল,পাতি ঢোল, ঢেপাঢোল আদি কেইবা প্ৰকাৰৰো ঢোলৰ প্ৰচলন আছে।
"ঢোলৰ নাম উৰুলি ঢোলৰ নাম কুৰুলি
ঢোলতো বিন্ধিলে ঘুণে;
টংলাৰ মুচিয়া ঘৰত নাইকিয়া
ঢোলে চাই দিব কোনে!"
                         বিহুঢোলৰ আকৃতি মজলীয়া ।‌ ইয়াক নিৰ্মাণৰ বাবে আম-কঁঠালৰ মাজ অংশ বিশেষ উপযোগী।‌ বিহুঢোল দীঘলে প্ৰায় ৪৫ ছে মি আৰু ব্যাস প্ৰায় ৩০ছে মি বা তাতকৈ কিছু বেছি হোৱা প্ৰয়োজন।‌ ইয়াৰ মাৰিৰে বজোৱা সোঁফালটো গৰুৰ ছালৰ আৰু হাতেৰে বজোৱা বাওঁফালৰ অংশ ছাগলীৰ ছালৰ।‌ ঢোলৰ বাওঁফালৰ বহল অংশক 'তালি' আৰু সোঁফালটোক 'কোবা' বা 'কোবনি' বোলে, এই অংশটো বাওঁফালতকৈ এক ইঞ্চিমান ঠেক।‌ মিহি আৰু সৰু বৰতিৰে তলি আৰু কোবনিক টনাটনি কৰি,কমেও ৩২ডাল বৰতিৰে ঘনকৈ বন্ধা হয়। বৰতি লৰিলে সৰ লৰে।‌ ঢোল চোৱা ছাল দুখনৰ নাম চাৱনি বা ছোৱা চাল।‌ নএডাল ১০ইঞ্চিমান দীঘল বাঁহৰ মাৰিৰে ঢোল বজোৱা হয়।‌
"চামগুৰি হাটতে ঢোলে গিৰগিৰাই
ঢোলৰে কি কি নাও,
এটা আমৰে এটা চামৰে
বাঁহৰ মাৰি সাজি বাওঁ ।‌"
                             ঢোল অসমীয়া এক পবিত্ৰ দেৱবাদ্য স্বৰূপ। ঢোল শব্দৰ মূল সংস্কৃত ঢোলঃ (পুংলিঙ্গ) শব্দ।‌ ইয়াৰ লগত নৈসৰ্গিক জগতৰো সম্পৰ্ক থকা বুলি কোৱা হয়।‌ অতীতৰে পৰা বিহুনামত ঢোলৰ বিশেষত্ব ধুনীয়াকৈ দেখা যায়।‌ ঢোলৰ মাত শুনিলেই গাত বিহু বিহু লাগে।‌ বিহুগীত যিদৰে লোক-কৃস্টিৰ এক অমূল্য সম্পদ।‌ ঠিক সেইদৰে বিহুগীতত ঢোলৰ উপযোগিতা বহুল।‌ বিহুগীতত কোৱা হয়- "ঢোলটি বাবৰে "তিনিটি আঙুলি
মাজৰে আঙুলি লৰে
পুৰুষৰ আঙুলি যতেকে লৰিব
ততেকে জেউতি চৰে ।‌"
ঢোল পুৰুষৰ জেউতি চৰোৱা অসমীয়া আপুৰুগীয়া সম্পদ।‌ বিহুৱতীৰ ঢোলৰ শুনিলে যঁতৰ ভাঙিবৰ মন যায়।‌ ঢোলৰ ছেৱে নাচনীৰ গাত দেওধ্ৱনি তোলে।‌
"ঢোলৰ ছেৱে ধৰি বাবি ঐ ঢুলীয়া
ঢোলৰ ছেৱে ধৰি বাবি;
খৰকৈ নেবাবি উদাকৈ নেবাবি
নাচনীৰ ছেৱতে বাবি।‌"
বিহুগীতৰ এক এৰাব নোৱাৰা অবিচ্ছেদ্য বাদ্য হৈছে ঢোল।‌ ঢোলৰ চাপৰ শুনিলেইল'ৰাৰ পৰা বুঢ়া-মেথালৈ সকলোৱে এপাক নাচি উঠে । বিহুগীতৰ লগত আছে ঢোলৰ এৰাব নোৱাৰা এক মধুৰ সম্পৰ্ক।‌ অসমীয়া বাপতিসাহোন বিহুৰ প্ৰাকক্ষণত ঢোলৰ গুমগুমনিয়ে সোণৰ অসমখনি কঁপাই ৰাখে।‌ ঢোলটি কান্ধত লৈ ঢুলীয়াই গাই
"ঢোলেবাই ঢুলিয়া গাত নাই চুৰিয়া
গেলামাছ পাত দি খাই,
বুকু ফিন্দাই ঢুলিয়া ঢোলত চাপৰ মাৰে
মোৰ মান ঢুলিয়াই নাই।‌"
                 ঢোল, বিহুৰ বিহুগীতৰ বিশেষত্ব।‌ এয়া আমাৰ সংস্কৃতি। ঢোল, পেঁপা, গগনাৰশব্দই মুখৰ কৰি তোলে অসমী আইৰ শীতল বুকু; কঁপাই তোলে আকাশ বতাহ।‌ বিহুৰ ৰমনীয় অনুভূতি বৈ যায় অসমৰ সকলো জাতি-জনগোষ্ঠীৰ বুকুৰে।‌ ইজনে সিজনৰ সাংস্কৃতিক অনুভূতিক শ্ৰদ্ধা জনাই একেলগে ব'হাগৰ বতৰত ঢোলত চাপৰ দিয়ে,আনন্দৰত মতলীয়া হৈ ঢোলৰ ছেৱে ছেৱে নৃত্য কৰে।


✍️চিন্ময় ডেকা
টংলা মহাবিদ্যালয়, টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)