আপোনাৰ যকৃতৰ (লিভাৰ) যত্ন কেনেকৈ ল’ব ?

Rinku Rajowar
0
আপোনাৰ স্বাস্থ্য আৰু জীয়াই থকাৰ আনন্দ বহু পৰিমাণে নিৰ্ভৰ কৰে আপোনাৰ লিভাৰৰ ওপৰত। লিভাৰৰ যত্ন কেনেকৈ ল’ব লাগে সেই কথা আপুনি চিকিৎসকৰ পৰা শিকি লওক। আপুনি চিকিৎসকৰ উপদেশ পালন কৰক আৰু লিভাৰে নিজে নিজেই আপোনাৰ যত্ন ল’ব। আপোনাৰ শৰীৰৰ এই ৰসহ্যময় অংগটো অসাধাৰণ ৰাসায়নিক প্ৰতিভাৰ অধিকাৰী। ই আপোনাৰ হৃৎপিণ্ডৰ স্পন্দন সবল কৰি ৰাখে। আপোনাৰ ৰক্ত সঞ্চালন শক্তিশালী কৰি তোলে, আপোনাৰ হজমী শক্তি বৃদ্ধি কৰে, মগজু তীক্ষ্ণ কৰি ৰাখে আৰু মাংসপেশীবোৰ শক্তিশালী কৰি ৰাখে।
আমাৰ শৰীৰটো সুস্থ আৰু সবল কৰি ৰাখিবলৈ যিমানবোৰ ৰাসায়নিক পদাৰ্থ আৰু প্ৰক্ৰিয়াৰ দৰকাৰ হয়, সেই সকলোবোৰৰ উৎপাদন কৰে লিভাৰে। উদাহৰণ স্বৰূপে লিভাৰে যদি ইউৰিয়া (Urea)ৰ যোগান নধৰে, তেন্তে আমাৰ কিডনীয়ে শৰীৰত আৱৰ্জনা ৰূপে জমা হোৱা নাইট্ৰ’জেনবোৰ বাহিৰ কৰিব নোৱাৰিব। হাড়ৰ মজ্জাত সৃষ্টি হোৱা ৰক্তকোষবোৰ লিভাৰে যোগান ধৰা ভিটামিনৰ অবিহনে কেতিয়াও সৃষ্টি হ’ব নোৱাৰে। লিভাৰে যদি হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰি নচলে, তেনেহ‘লে নাৰী-পুৰুষ উভয়েই যৌন ক্ষমতা হেৰুৱাব অথবা যৌন উন্মাদনা বৃদ্ধি পাব পাৰে। আমাৰ শৰীৰৰ এলবুমিনে শৰীৰৰ অভ্যন্তৰত নিমখ আৰু পানীৰ ভাৰসাম্য ৰক্ষা কৰে। এলবুমিন উৎপাদনৰ কাৰণে প্ৰয়োজন হোৱা এমিন’ এচিডৰ যোগান ধৰে লিভাৰে। এই কথা মনত ৰখা দৰকাৰ যে শৰীৰত পানী আৰু নিমখৰ ভাৰসাম্য অক্ষুণ্ণ নাথাকিলে আমি জীয়াই থাকিব নোৱাৰিম। আমাৰ হজম প্ৰক্ৰিয়াই যিবোৰ বিষাক্ত দ্ৰব্য উৎপাদন কৰে সেইবোৰৰ পৰাও আমাক ৰক্ষা কৰাত লিভাৰে সহায় কৰে (Bile) বায়লৰ যোগান ধৰি। 
লিভাৰ নিৰোগী অৱস্থাত নাথাকিলে, শৰীৰৰ ভিতৰত হোৱা ৰক্তক্ষৰণে আমাক মৃত্যুমুখত পেলাব পাৰে, অৰ্থাৎ ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰে লিভাৰে। লিভাৰে আমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰা ভাইৰাছ আৰু বেক্টেৰিয়াৰ লগত যুদ্ধ কৰি সিহঁতক শৰীৰৰ পৰা বাহিৰ কৰাত সহায় কৰে। আমি খাব লগা হোৱা বিভিন্ন ঔষধৰ আতিশয্যৰ পৰাও আমাক ৰক্ষা কৰে কেৱল লিভাৰটোৱে। আমি আহাৰ খাওঁ শক্তি পাবলৈ, কিন্তু সেই আহাৰৰ পৰা শক্তি নিষ্কাশন কৰি লিভাৰে সেইবোৰক চেনি বা শৰ্কৰালৈ ৰূপান্তৰ কৰে। এই গ্লুক’জেই আমাৰ শৰীৰৰ সকলো প্ৰক্ৰিয়াত ধীৰ-স্থিৰভাৱে কাম কৰি থাকে, কিন্তু জৰুৰী অৱস্থাৰ উদ্ভৱ হ’লেই সি কাম কৰে বিজুলী বেগেৰে। আমাৰ শৰীৰত চৰ্বি সংগ্ৰহ কৰাৰ দায়িত্বও লিভাৰেই ল’ব লগা হয়। আমি যেতিয়া খাদ্য খাব নাপায়, দুৰ্বল হ’বলৈ আৰম্ভ কৰো, তেতিয়া আমাক ৰক্ষা কৰে আমাৰ শৰীৰত জমা হৈ থকা চৰ্বিয়ে।
লিভাৰে অকলেই ইমানবোৰ কাম কৰিব লগা হোৱা কাৰণে লিভাৰটোৱেই হ’ল আমাৰ শৰীৰৰ বৃহত্তম অংগ। শৰীৰৰ সমগ্ৰ ওজনৰ ভিতৰত ১০ ভাগৰ এভাগ ওজন হ’ল কেৱল লিভাৰটোৰ। কিন্তু লিভাৰৰ বিষয়ে আটাইতকৈ ৰহস্যময় কথাটো হ’ল এইয়ে যে ওপৰত উল্লেখ কৰা সকলোবোৰ কাম সম্পন্ন কৰে লিভাৰৰ এটা অতি ক্ষুদ্ৰ কোষে। লিভাৰত এনেকুৱা কোটি কোটি কোষ থাকে। সেই কোষবোৰক প্লাৱিত কৰি ৰাখে ৰক্তৰ অন্তহীন নদীপ্ৰবাহে। আপুনি ভাৱিব পাৰে যে ইমানবোৰ কাম কৰিব লগাৰ ফলত লিভাৰৰ কোষবোৰ মৃতপ্ৰায় হয় বা মৰি যায়। কিন্তু লিভাৰ এটা অদ্বিতীয় ক্ষমতাৰ অধিকাৰী। সেইটো হ’ল ইয়াৰ অমৰত্ব। মগজু বা হৃৎপিণ্ডৰ কোষবোৰ যদি মৰি যায়, তেন্তে সেইবোৰৰ ঠাই ল’বলৈ কোনো কোষ বাকী নাথাকে। কিন্তু লিভাৰে বিস্ময়কৰভাৱে নিজৰ কোষবোৰক নতুনকৈ জন্ম দি থাকে। কিন্তু এনে এটা শক্তিশালী অংগও কামৰ হেঁচাত কেতিয়াবা ভাগি পৰে। এই ভাগি পৰাৰ প্ৰক্ৰিয়াটো ৰোধ কৰিব নোৱাৰিলেই লিভাৰৰ সেই ভয়ংকৰ ৰোগটো হয়, যাৰ নাম ছিৰ’ছিচ (Cirrhosis), সৌভাগ্যৰ কথা এই যে লিভাৰে এই অৱস্থা পাবলৈ আৰম্ভ কৰিলেই সি তাৰ লক্ষণবোৰ প্ৰকট কৰে। মুখমণ্ডল আৰু বাহুত ক্ষুদ্ৰ ৰক্তবাহী শিৰাবোৰ দেখা যায়। ৰোগাক্ৰান্ত ব্যক্তিজনক গভীৰ ক্লান্তিয়ে হেঁচা মাৰি ধৰে, মাংসপেশীবোৰ শুকাবলৈ ধৰে। যৌন কামনা তীব্ৰ গতিৰে হ্ৰাস পায়। লিভাৰটো ফুলি ডাঙৰ হ’বলৈ ধৰে আৰু ৰোগীৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে।
লিভাৰৰ ছিৰ’ছিচ হোৱাৰ এটা প্ৰধান কাৰণ হ’ল অত্যাধিক সুৰাপান। ইয়াৰ চিকিৎসা হ’ল জিৰণি। উচ্চ শক্তিসম্পন্ন পুষ্টিকৰ আহাৰ আৰু প্ৰচুৰ পৰিমাণে লিভাৰ এক্সট্ৰেক্টৰ (Liver Extractor) বি কমপ্লেক্স আৰু অন্যান্য ভিটামিন আৰু অৱশ্যেই সম্পূৰ্ণভাৱে সুৰা ত্যাগ। এইখিনি নিয়ম পালন কৰিলে নিৰাময়ৰ আশা এৰি দিয়া লিভাৰো সম্পূৰ্ণ ৰোগমুক্ত হোৱা দেখা যায়। কেৱল যে সুৰাপানৰ ফলতেই লিভাৰ ৰোগাগ্ৰস্ত হয় এনে নহয়, দীৰ্ঘদিন ধৰি পুষ্টিকৰ আহাৰৰ অভাৱেও লিভাৰক ৰুগ্ন আৰু দুৰ্বল কৰি তুলিব পাৰে। যথেষ্ট পৰিমাণে আহাৰ খোৱা মানুহেও শৰীৰৰ কাৰণে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানবোৰ নাপাব পাৰে। কিন্তু সুখৰ কথা যে লিভাৰৰ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিশেষজ্ঞ চিকিৎসকৰ কোনো প্ৰয়োজন নাই। সাধাৰণ চিকিৎসা কৰা যিকোনো ডাক্তৰেই উপযুক্ত পৰিমাণৰ প্ৰ’টিন, শ্বেতসাৰ আৰু চৰ্বিযুক্ত আহাৰৰ তালিকা অনুসাৰে ৰোগীক খাদ্য গ্ৰহণ কৰিবলৈ কৈ লিভাৰক ৰোগমুক্ত হোৱাত সহায় কৰিব পাৰে। এনেধৰণৰ ৰোগীৰ আহাৰত যথেষ্ট পৰিমাণৰ ভিটামিন থাকিলেও চিকিৎসকে প্ৰচুৰ পৰিমাণে কেতবোৰ ভিটামিন খোৱাৰ উপদেশ দিয়ে। লিভাৰৰ বিষয়ে জানিবলগীয়া আটাইতকৈ মূল্যৱান কথাটো হ’ল যে এই ভাৱি-চিন্তি যথেষ্ট পৰিমাণৰ পুষ্টিকৰ আহাৰ খাই থাকিলে লিভাৰটোক সবল কৰি ৰাখিবলৈ আন কোনো ব্যৱস্থাৰ প্ৰয়োজন নাই।
আপুনি লিভাৰক যথেষ্ট পৰিমাণৰ পুষ্টিকৰ সুষম আহাৰৰ যোগান ধৰি থাকক, প্ৰতিদানত লিভাৰটোৱে গোটেই জীৱন ধৰি আপোনৰ শৰীৰৰ যত্ন ল’ব।   


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)