সময়ৰ দিনলিপিত"মৃত্যুৰ পয়োভৰ"-জহিৰুল ইছলাম

Rinku Rajowar
0
ৰাজপথত চলিছে মৃতকৰ নিলামী ঘোঁৰা 
আত্মীয়ৰ শৱদেহৰ নামত বিলাইছে প্ৰতীকি শৱদেহ
উশাহবোৰ আকাশ মাৰ্গৰ বাসিন্দা
যেন এক নিৰ্মম নিৰ্লজ্য তৈল চিত্ৰ।

ক'ৰবাত যদি হিন্দু, ক'ৰবাত মুছলমানহে,
শিখ, জৈন, খৃষ্টান, দলিত, আৰু ক'ত ৰঙৰ মৃতদেহ
ক'তোৱেই চোন মানুহ মৰা নাই 
মৰিছেনে মানুহ?
ৰাজপাটত মন্দিৰ-মছজিদৰ অঘোষিত যুদ্ধত
বাকৰুদ্ধ বিবেক, অন্ধকাৰ সময়

বিশ্বায়ন, বিজ্ঞান আজি ধোঁৱাচাঙত সমাধিস্থ
কাঁহী-বাটিৰ শব্দত গুঞ্জৰিত ৰাজপাট 
যেন আধুনিক বিশ্বত আদিমতাৰ লয়লাস
পণবন্দী জনতা
বেপেৰুৱাৰ দৌৰাত্ম্যই কাঢ়ি লৈছে জনতাৰ অধিকাৰ
বাজিছে শ্লোগান সম বিকাশ-সম অধিকাৰ 
আদিপাঠ ভাষণৰো; কিন্তু
বাস্তৱত! এক শংকিত ভৱিষ্যত

মহামাৰি নে মহামেলা----?
ৰোগীবোৰ নিৰোগী আৰু নিৰোগীৰ ভিৰত এতিয়া  কম্পিত ৰোগীৰ চোতাল
বেমাৰহীন অসুস্থতা আৰু ঔষধহীন চিকিৎসাত
আজি চৌপাশে কেৱল এক বিৰামহীন ব্যস্ততা
কোনে জানে সেই ব্যস্ততাৰ সীমান্তত
কোন কেতিয়া অসহায়তাৰ নাগপাশত বন্দী হয়? হেৰুৱাই জীৱনৰ সেউজীয়া
সন্ধানত বিলায় এসাগৰ অস্তৰাগৰ হুমুনিয়াহ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)