মনত পৰে-কবিতা~ছৈদুল কুৰেছী

©Admin
0
 কিয় বাৰে প্ৰতি মনত পৰে 
তোমাৰ কথা ? 
এৰি থাকিব নোৱাৰো , 
তোমাৰ অবিহনে এখন্তেক। 
তুমি মোৰ জীৱনৰ লগৰী ,
তুমি তো মোৰ মনৰ
 ভাৱ প্ৰকাশৰ আহিলা। 
তোমাৰ সৈতে কৰো, 
সুখ-দুখৰ কথা-বতৰা ।
জীয়াই আছো তেতিয়ালৈকে,
যেতিয়ালৈকে তুমি মোৰ 
জীৱনৰ সঙ্গী হৈ আছা। 
কোনোবাই তোমাক মাতে, 
কলম বুলি। 
আন কোনোবাই মাতে ,
 লেখনী। 
তুমি মোক এৰি নাযাবা ,
তুমি মোৰ স্বাভিমান ,
তুমি তো মোৰ আত্ম সন্মান।।

                     🖋️ছৈদুল কুৰেছী
           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)