ক’ভিড ১৯ - মাণিক পাল

Rinku Rajowar
0
আশা-আকাংক্ষা আৰু সপোনৰ সপ্তদ্বীপাত 
সম্প্ৰতি সময়ত 
ক’ভিড-১৯ ৰ সন্ত্ৰাস চলিছে ।
যি সন্ত্ৰাসে অভিহত কৰিছে 
বৃহত্তৰ অৰ্থনৈতিক শক্তি আমেৰিকাৰ অৰ্থনীতিত ,
বৃহত্তৰ মিশ্ৰিত অৰ্থনৈতিক শক্তি ব্ৰাজিলৰ প্ৰাচুৰ্যত ,
দ্বিতীয় জনবহুল দেশ ভাৰতৰ গণতন্ত্ৰত ,
ইউৰোপৰ তৃতীয় বৃহত্তম দেশ ফ্ৰান্সৰ সুকুমাৰ কলাত ।

ক'ভিড -১৯ ৰ ত্ৰাসে 
গ্ৰাস কৰিছে বিশ্বৰ শান্তি-সম্প্ৰীতি ,
মানৱৰ মানৱীয় হাঁহি । 

ক’ভিড ১৯ ৰ প্ৰকোপে 
কঢ়িয়াই আনিলে বিশ্বত 
মানৱৰ মৃত্যুৰ কিৰিলি ,
মানৱৰ অসহায়ৰ অশ্ৰুবৰ্ষণ ।

ক’ভিড -১৯ 
তোমাৰ বিভীষিকাত 
আজি মানুহ মানুহৰ পৰা দূৰত । 

🖋️মাণিক পাল 
গাঁও:শিমলীতোলা
জিলা :গোৱালপাৰা
ম'বাইল নং ::৮৬৩৮৯৪৭২৯২

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)