বসন্ত-বৰ্ণালী হেমন্ত শ্যাম

Rinku Rajowar
0
সেউজীয়া হৈ বসন্ত নামে
ভাহি আহে 
কুলি কেতেকীৰ
হিয়া ভঙা বিননি
কি যে মনোৰম 
উদুলি মুদুলি প্ৰকৃতি
তগৰ ফুলে কলিয়াই
কতযে  বাটৰুৱাই 
কলিজা হেৰুৱাই
এইয়া কপৌফুলাৰ সময়
এজাক বৰষুণ হৈ
বসন্ত নামে 
বৈ যায় নৈ খন 
ন পানীৰে 
কোৱাল গতিৰে ..

বনৰীয়া ফুলৰ সুবাস
উপচি পৰে চৌপাশ 
নাহৰ তগৰ ফুলে
এৰাল চিগা মনত
বসন্তৰ মায়া লাগে 
সঁচাকৈ ব'হাগে 
কিনো মায়া সানে 
তোমাৰ নামৰ ৰাগি লাগে
অবুজ এক আবেগে 
মন উতলা কৰে ..।।

     ‌‌‌‌‌             
🖋বৰ্ণালী হেমন্ত শ্যাম।
দৈমুখীয়া চাহ বাগিচা ।
ডুমডুমা (তিনিচুকীয়া)
       ‌‌‌‌‌                      ‌       ‌

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)