কবিতা-বিদায় বেলা-উৎপল মৰাং

Rinku Rajowar
0
বিদায় শব্দটো অতি নিষ্ঠুৰ
বেদনাৰে ভৰা মন,
আকৌ অনুভূতি আহে একেলগে
গাই বেদনাৰ গান।
চিৰ বিদায় মানৱ জীৱনৰ
এৰাব নোৱাৰা ক্ষণ,
ক্ষন্তেকীয়া বিদায় তাৰেই অংশ
হাঁহি কান্দোনৰ ৰং।
আমিও আহি বিদায় বেলাত
উপনীত হ'বৰ হ'ল,
আনন্দৰ সলনি বেদনাৰ লোতক
নয়নে বাগৰি গ'ল।
আপোন মানুহৰ চেনেহৰ বান্ধোনত
কটালো আনন্দৰে দিন,
আলোক যাত্ৰাত সকলোৱে মিলি
বজালোঁ ৰঙৰে বীণ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)