এৰি অহাৰ বাটেৰে-যমুনা বৈশ্য

প্ৰতিটো দিন , ক্ষণ
প্ৰতিটো ঋতুৰে সুৰ 
হৃদয়ত বাজি থাকে জানা
যৌৱনৰ কাঁচিয়লি
ৰাঙলী দিনৰ এৰি অহা বাট ।

মনৰ মাজত পাণ্ডুলিপিত
জেতুকা পাতৰ দৰে
জিলিকি আছে
একাঁজলি তৰালি হৈ ।

এৰি থৈ অহা
অতীতৰ দিনৰ সময়ৰ
সেই খোজ 
ঐনিতমৰ সুৰ হৈ বাজে
বুকুত সেউজ স্পন্দন ।

🖋️শ্ৰী যমুনা বৈশ্য

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send