মই-সুৰুজ আলী

0
কোন হওঁ মই
কি মোৰ পৰিচয়,
কিহৰ ইমান অহংকাৰ।
নাছিলোঁ এইখন পৃথিৱীত
নেথাকিম চিৰদিনলৈ
আহিছোঁ মাথোঁ
কেইদিনমানৰ বাবে
আলহী হৈ।
কি কৰিম কি নকৰিম
একো পোৱা নাই ভাৱি,
সদায় এয়াই চিন্তা
কেতিয়া যেন যামগে মৰি।
মই মৰি গ'লে যানো 
এই পৃথিৱীৰ কিবা হানি হব,
সমাজে মোৰ কথা
মানুহৰ আগত কেনেকৈ কব।
লগৰীয়া বোৰে ফেচবুকত
আপলোড দিয়া বাহিৰে
আন কিবা যানো কৰিব।
বহুতে আকৌ উলাই আহি
পৰিয়ালক সান্তনা দিব।
এটাই অনুৰোধ সকলোকে
মই মৰাৰ পাছত মোক পাহৰি নাযাব।

                           🖋️সুৰুজ আলী
                    সৰুপথাৰ গোলাঘাট
                      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)