ক’ভিড- ১৯ আৰু বৰ্তমানৰ পৰিস্থিতি-মাণিক পাল

Rinku Rajowar
1
“The world needs huge positive energy to fight against the negative forces. Go to the centre of your inner being and generate that positive energy for the welfare of the humanity ” – Amit Ray .
           ওপৰৰ উক্তিটো সম্প্ৰতি সময়ত প্ৰতিজন ভাৰতীয়ৰ বাবে বৰ গুৰুত্বপূৰ্ণ । কাৰণ সম্প্ৰতি সময়ত ক’ভিড- ১৯ মহামাৰীৰ দ্বিতীয় আক্ৰমণে সমগ্ৰ দেশবাসীক আমনি কৰাৰ লগতে সমগ্ৰ দেশকে কম্পিত কৰিছে । বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে চলি থকা ক’ভিড-১৯ ৰ প্ৰথম নামাকৰণ কৰে বিশ্ব স্বাস্থ্য সংস্থাই (WHO) ইংৰাজী ২০২০ চনৰ ১১ফেব্ৰুৱাৰী তাৰিখে । উক্ত দিনাখনে ইয়াক বিশ্ব মহামাৰী বুলিও ঘোষণা কৰে । এইটো আছিল বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ঘোষণা কৰা ষষ্ঠ বিশ্ব মহামাৰী । ক’ভিড-১৯ (COVID-19)ৰ CO মানে ক’ৰোনা VI মানে ভাইৰাছ আৰু D মানে বেমাৰ । এই ৰোগৰ কাৰক হ’ল SARS -COV -2 । ইয়াৰ উৎস হ’ল বাদুলি । ইয়াৰ প্ৰথম সুচনা হয় চীনৰ হুৱানান ছীফুড হোলছেল মাৰ্কেটত । এই ভাইৰাছৰ প্ৰথম চিনাক্তকৰণ কৰা হয় ২০১৯ চনত চীনৰ হুৱেই প্ৰান্তৰ  ৱুহান চহৰত । এই ভাইৰাছত আক্ৰমণ হৈ প্ৰথমজন ব্যক্তিৰ মৃত্যু হয় ২০২০ চনৰ ৯ জানুৱাৰীত চীনৰ ৱুহানত ।
                   ২০২১ চনৰ ১৭ এপ্ৰিল পৰ্যন্ত বিশ্বৰ মুঠ ১৪১,০০০,৯৪৮ জন লোক এই মহামাৰীৰত আক্ৰান্ত হৈছে  । ইয়াৰে ১১৯,৬৮৯,৬৬৩ জন লোক সম্পূৰ্ণ সুস্থ হৈছে , ৩,০১৭,৫৩৪ জন লোকৰ মৃত্যু হৈছে আৰু ১৪,২৯৩,৭৫১ জন লোক বৰ্তমানলৈকে আক্ৰান্ত হৈ আছে । ২০২১ চনৰ ১৭ এপ্ৰিল পৰ্যন্ত ভাৰতত মুঠ ১৪,৭৩৬,৫০৫ জন লোক এই মহামাৰীৰ কৱলত পৰিছে । ইয়াৰে ১২,৭৭৬,৬৬১ জন লোক সুস্থ হৈছে , ১,৭৬,৮০৭ জন লোকৰ মৃত্যু হৈছে আৰু এতিয়াও ১,৭৮৩,০৩৭ জন লোক আক্ৰান্ত হৈ আছে । এই মহামাৰীৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হোৱা দেশবোৰ হ’ল -আমেৰিকা যুক্তৰাষ্ট্ৰ , ভাৰত, ব্ৰাজিল , ফ্ৰান্স , ৰাছিয়া , ব্ৰিটেইন , ইটালী  ইত্যাদি । বিশ্বৰ মুঠ ২০৯ খন দেশ আৰু উপনিৱেশ এই মহামাৰীৰ প্ৰকোপত পৰিছে । 
                   এইটো এটা মানুহৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা বেমাৰ । এই বেমাৰৰ বীজাণু সংক্ৰমিত হোৱা ব্যক্তিৰ শৰীৰত সাধাৰণতে পাঁচ দিন , কেতিয়াবা দুইৰ পৰা ১৪ দিন পৰ্যন্ত সুপ্ত অৱস্থাত থাকে । তাৰ পিছতহে ৰোগৰ লক্ষণবোৰে দেখা দিয়ে । এই ৰোগৰ সাধাৰণ লক্ষণবোৰ হ’ল –
১) জ্বৰ ২) শুকান কাহ ৩) ক্লান্তি বা ভাগৰ লগা ।
ইয়াৰ কিছুমান তাকৰ সাধাৰণ লক্ষণবোৰ হ’ল –
১) বিষ বা যন্ত্ৰণা ২) গল ফোঁহা ৩) পেটচলা ৪) মূৰৰ বিষ ৫) সোঁৱাদ কমি যোৱা ৬) ছালত ৰাস হোৱা ৭) হাত আৰু ভৰিৰ আঙুলিৰ ৰং পৰিবৰ্তন হোৱা 
এই ৰোগৰ গম্ভীৰ লক্ষণবোৰ হ’ল –
১) শ্বাস-প্ৰশ্বাসত কষ্ট ২) বুকুৰ বিষ ৩) কথা বা শৰীৰৰ চলন বন্ধ হৈ যোৱা । 

                        সম্প্ৰতি সময়ত ভাৰতত এই ৰোগৰ প্ৰতিষেধক আৱিষ্কাৰ হৈছে যদিও , প্ৰতিজন নাগৰিকক প্ৰতিষেধক প্ৰদানৰ কাম শেষ হোৱাৰ আগতেই এই ভাইৰাছে দ্বিতীয় বাৰৰ বাবে পুনৰ সমগ্ৰ দেশতে আক্ৰমণ কৰে । প্ৰথম বাৰতকৈ দ্বিতীয় বাৰত ইয়াৰ কু-প্ৰভাৱবোৰ বেছিকৈ দেখা গৈছে । গতিকে ইয়াৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ হ’লে আমি সকলো ধৰণৰ সাৱধানতাবোৰ মানি চলিব লাগিব । ক’ৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ হ’লে বিশেষজ্ঞ সকলৰ মতে আমি তলত দিয়া সাৱধানতাবোৰ অৱলম্বন কৰিব লাগিব – 
১) সামাজিক দুৰত্ব বজাই ৰখা :: বিভিন্ন বিশেষজ্ঞ সকলৰ মতে এই ভাইৰাছবিধ হ’ল মানুহৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা বিধৰ । গতিকে ইয়াৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ হ’লে আমি সামাজিক দূৰত্ব বজাই চলিব লাগিব । বিশেষজ্ঞ আৰু CDC ( Centers for disease control and prevention) ৰ মতে এই সামাজিক দূৰত্ব কমেও ৬ ফুট হ’ব লাগে ।
২ ) হাত ধোৱা :: CDC ৰ মতে ক’ভিড -১৯ ৰ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ হ’লে আমি চাবোনেৰে সঘনাই হাত প্ৰায় ২ছেকেণ্ড সময় ধোব লাগে । বিশেষকৈ বাহিৰৰ পৰা আহিলে , খোৱাৰ আগতে , কাহিলে বা হাঁচি মাৰিলে , মুখত স্পৰ্শ কৰাৰ আগতে , ৰাজহুৱা স্থানৰ পৰা অহাৰ পিছত , কোনো ৰোগীক স্পৰ্শ কৰাৰ পিছত আমি চাবোনেৰে হাত ধোব লাগে । যদি চাবোন আৰু পানী ওচৰত নাথাকে তেন্তে ৬০% এলক’হল যুক্ত ছেনিটাইজাৰেৰে হাত দুখন ছেনিটাইজ কৰিব লাগে । 
৩) মাস্ক পৰিধান কৰা :: বিশেষজ্ঞ সকলৰ মতে ক’ভিড -১৯ ৰ যুদ্ধ জয় কৰাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হ’ল মাস্ক । গতিকে মাস্ক পৰিধান কৰিহে ঘৰৰ বাহিৰত বা ৰাজহুৱা স্থানত যাব লাগে । কাৰণ মাস্কে ভাইৰাছ বিধক শ্বাস-প্ৰশ্বাস আৰু নাকৰ ড্ৰপলেটৰ দ্বাৰা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিৰ শৰীৰলৈ যোৱাত বাধা প্ৰদান কৰে । 
৪) ভ্ৰমণৰ পৰা বিৰত থকা :: বিশেষজ্ঞ সকলৰ মতে ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ হ’লে যিমান সম্ভৱ ভ্ৰমণৰ পৰা বিৰত থকাই ভাল । 
                      বৰ্তমানলৈকে ভাৰতত ক’ভিড-১৯ ৰ বাবে উপলব্ধ প্ৰতিষেধকবোৰ হ’ল – ক) Covaxin খ) Sputnix V গ) Covishield ।
                  Covaxin ভাৰতৰ দেশীয় ক’ভিড-১৯ প্ৰতিষেধক । এইটো তৈয়াৰ কৰি উলিয়াইছে Bharat Biotech নামৰ কোম্পানীয়ে ICMR (Indian council of Medical Research ) আৰু NIV (National institute of Virology) ৰ সহযোগত । এই প্ৰতিষেধকক ইতিমধ্যে বহু দেশে ভাৰতৰ পৰা গ্ৰহণ কৰি নিজ দেশৰ নাগৰিকৰ ওপৰত প্ৰয়োগ কৰিছে । সেই দেশবোৰ হ’ল – মঙ্গোলিয় , ম্যানমাৰ , শ্ৰীলংকা , ফিলিপাইন , ওমান , মালদ্বীপ , ভাহৰেইন ইত্যাদি । এই প্ৰতিষেধকটোক ২ ৰ পৰা ৮° C উষ্ণতাত সংৰক্ষিত কৰি ৰখা হয় । 
           Sputnix V তৈয়াৰ কৰি উলিয়াইছে ৰাছিয়াৰ Moscow’s Gamaleya institute এ ।এই প্ৰতিষেধকটোক ইতিমধ্যে ৬০ খন দেশে প্ৰয়োগৰ বাবে অনুমতি প্ৰদান কৰিছে । ইয়াৰে ভিতৰত কিছুমান দেশ হ’ল – আৰ্জেণ্টিনা , ইউ এ ই , ইৰাণ , ভেনিজুৱেলা ইত্যাদি । ভাৰতেও ইতিমধ্যে এই প্ৰতিষেধকক ব্যৱহাৰৰ বাবে ৰাছিয়াৰ পৰা আমদানি কৰিছে । Oxford -Astra zeneca (Covishield) প্ৰতিষেধক ভাৰততে তৈয়াৰ কৰিছে Serum institute এ । মুঠতে সম্প্ৰতি সময়ত আমাৰ দেশত এই তিনিবিধ প্ৰতিষেধক ব্যৱহাৰ হৈ আছে ক’ভিড-১৯ ৰ যুদ্ধত চিৰস্থায়ী অস্ত্ৰ হিচাপে । আমাৰ দেশে মুঠ ৬৪ মিলিয়ন প্ৰতিষেধক “বাসুদেৱ কুটুম ” আদৰ্শৰে লেটিন আমেৰিকা , কেৰিবিয়ান , এছিয়া আৰু আফ্ৰিকাৰ মুঠ ৮৬ খন দেশক প্ৰদান কৰিছে । ইয়াৰ ভিতৰত ব্ৰিটেইন , কানাডা , ব্ৰাজিল আৰু মেক্সিকো আদিৰ দৰে দেশ অন্তৰ্ভুক্ত আছে ।  আমাৰ দেশত প্ৰতিষেধক প্ৰদানৰ শুভাৰম্ভ কৰা হয় এই বছৰৰ ১৬ জানুৱাৰীত । প্ৰথম অৱস্থাত দেশৰ Frontline worriors বুলি খ্যাত  স্বাস্থ্য বিভাগৰ লগত জড়িত চিকিৎসক , নাৰ্চ আদিক প্ৰতিষেধক প্ৰদান কৰা হয় । দ্বিতীয় পৰ্যায়ত ৬০ বছৰৰ উৰ্ধৰ নাগৰিকক প্ৰতিষেধক প্ৰদান কৰা হয় আৰু বৰ্তমান সময়ত ৪৫ বছৰৰ উৰ্ধৰ নাগৰিকক প্ৰতিষেধক প্ৰদান কৰা হৈ আছে । আকৌ ১ মে’ ৰ পৰা ১৮ বছৰ হোৱা সকলো নাগৰিকে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব ।
                    
                      সমগ্ৰ দেশবাসীয়ে অতীতত যেনেকৈ বিভিন্ন মহামাৰীক পৰাস্ত কৰি আগবাঢ়ি গৈছে , ঠিক তেনেকৈ ক’ভিড -১৯ মহামাৰীকো পৰাস্ত কৰি দেশ আগবাঢ়ি যাব বুলি মই আশাবাদী । কেৱল প্ৰয়োজন আছে অকমান সতৰ্কতা , সাৱধানতা , সাহস আৰু ধৈৰ্যৰ । ৰোগৰ লক্ষণবোৰে দেখা দিলেই অৱহেলা নকৰি চিকিৎসকৰ ওচৰত যাব লাগিব । কাৰণ অকনমান অসাৱধানতাই আমাৰ জীৱন চিৰদিনৰ বাবে কাঢ়ি নিব পাৰে । ইতিমধ্যে এই মহামাৰীয়ে সমগ্ৰ বিশ্বতে বহু লোকৰ জীৱন কাঢ়ি নিলে আৰু জীৱনৰ হাঁহিও কাঢ়ি নিলে । তাৰ উপৰিও দেশৰ সামাজিক আৰু অৰ্থনৈতিক দিশত বিপুল ক্ষতি সাধন কৰিলে । দেশৰ GDP (Gross domestic product ) ত বিস্তৰ ক্ষতি সাধন কৰিলে । বহু লোকৰ জীৱন চলাৰ জীৱিকা কাঢ়ি নিলে এই মহামাৰীয়ে । দেশত নিবনুৱাৰ সংখ্যা বৃদ্ধি কৰিলে । আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাত । তাৰ উপৰিও দেশৰ পৰ্যটন ক্ষেত্ৰতো বিস্তৰ ক্ষতি সাধন কৰিলে । শেষত ক’ভিড-১৯ মহামাৰীৰ পৰা দেশ অতি সোনকালেই ৰক্ষা পৰিব বুলি আশাবাদী হৈ  “ জ্যোতিপ্ৰসাদ আগৰৱালাৰ” এটি ইতিবাচক উক্তিৰে সামৰিলো - “ ৰাতি যিমানে কঠিন হ’ব প্ৰভাত সিমানে উজ্জ্বল হ’ব । চাৰিওফালৰ পৰা আন্ধাৰে আৱৰি ধৰিলেও ভয় নকৰিবা , প্ৰভাত হ’বই । ”


🖋️মাণিক পাল 
গাঁও: শিমলীতোলা
জিলা :গোৱালপাৰা
ম’বাইল নং :৮৬৩৮৯৪৭২৯২

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক মোৰ প্ৰবন্ধটো ইমান ধুনীয়া ‌কৈ‌ প্ৰকাশ কৰা বাবে 🙏🙏

    ReplyDelete
Post a Comment