নতুন যাত্ৰা~কবিতা~অদিতী তাঁতী

©Admin
0
বাকৰুদ্ধ হৈ এটি পথত যাত্ৰা কৰিছোঁ
য'ত আছে সীমাহীন স্বপ্নৰ
চাৰিআলি,
কোনবাটে যাওঁ 
যাবলৈ খোজোঁ সাহস নহয় 
আকৌ পিছলৈ উলটি আহোঁ।
মকৰা জালৰ দৰে ছানি ধৰে
ভাবিবলৈ বাধ্য হওঁ সেইবাটেৰে নাযাওঁ,
মোৰ বাবে সুগম নহয় সেই পথ
যি পথত যাবলৈ মই আগবাঢ়িছো।
মাজবাটত ৰৈ কথাবোৰ চিন্তা কৰিছোঁ
নহয় মোৰ আৰু মোৰ বাবে হ'বই নোৱাৰে
য'ত আছে দুখন নাও,
আছে মাথোঁ এজন নাৱৰীয়া 
সহজ নহয় এই যাত্ৰা;
সেয়েহে বাকৰুদ্ধ হৈ এটি পথত যাত্ৰা কৰিবলৈ থিৰাং কৰিছোঁ।

✍অদিতী তাঁতী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)