মৰিশালি-কবিতা~কংকনা ডেকা

নীলাভ আকাশৰ বুকুত
এক অবুজ শিহৰন...
বিষাদেৰে ভৰা এই অন্ধকাৰ কোঠালীটোত জোনাকী পৰুৱা হৈ পোহৰ বিলাবলৈ শব্দৰ সন্ধানত 
ৰিক্ত হৃদয়ে প্ৰতিটো ক্ষনতে 
উচুপি উঠে....
    প্ৰশ্নবোধক হৈ ৰৈ যায় 
প্ৰেমৰ গভীৰতা..;
   ভালপোৱাৰ মৰিশালিত 
উত্তৰ বিহীন সকলো প্ৰশ্ন........।
   
 বৰষুণ মই ও বিচাৰো কিন্তু
 হৃদয়ৰ কোঠালিত নহয়, অজানিতে হোৱা প্ৰেমৰ সমাহাৰত নহয়।
    লুইতৰ পাৰৰ দুই প্ৰেম পক্ষীৰ মধুলগনত ।।

        🖋️কংকনা ডেকা
কামৰূপ মহাবিদ্যালয়, চামতা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send