নিসংগ হিয়া-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
বাহিৰত কিনকিনীয়া বৰষুণ। ৰাতিপুৱাৰ পৰা দি আছে। খিৰিকীৰ কাষত বহি মৰমীয়ে বৰষুণ জাক একান্তমনে লক্ষ্য কৰি আছে।মনলৈ নানা ধৰণৰ চিন্তা আহিবলৈ ধৰিছে ।আজি এসপ্তাহৰ পৰা তাই বৰ দুৰ্বল হৈ পৰিছে। কাৰো সৈতে কথা পাতিবলৈ মন নকৰে।খাবলৈ একেবাৰে মন নকৰে।মৰমী এতিয়া আগৰ দৰে হৈ থকা নাই।তাই সম্পূৰ্ণ সলনি হৈ গ'ল।আনৰ ওপৰত তাইৰ বিশ্বাস নাইকিয়া হৈ গৈছে।কিয়নো তাই বহুবাৰ প্ৰতাৰণাৰ ভাগী হৈছে। এতিয়া তাই কেৱল মৰমৰ মাক দেউতাক আৰু একমাত্ৰ ভায়েকৰ কথা ভাবে। তথাপিও ক'ৰবাত যেন আধৰুৱা হৈ ৰৈছে তাইৰ জীৱন। কেতিয়াবা বৰ নিসংগ অনুভৱ কৰে তাই। মনৰ মাজত থকা কথাবোৰ মনৰ মাজতেই সাঁচি ৰাখি নিজকে কষ্ট দিয়ে। মাক দেউতাকক কথাবোৰ কৈ তাইনো কেনেকৈ তেওঁলোকৰ মনত দুখ দিয়ে।ভায়েকক ক'বলৈ বিচাৰে, সিও সৰু হৈ আছে।এতিয়াও বুজি পোৱা হোৱা নাই। কথাবোৰ ভাবি থাকোঁতে হঠাৎ ভায়েকৰ মাতত তাই উচপ খাই উঠিল।" বা বা তুমি অথনিৰে পৰা ইয়াতে বহি আছা? " নাই অʼ ভাইটি গাটো বেছি বেয়া লাগিছে।সেয়ে ইয়াতে বহি আছোঁ।।"
          কথাটো কোৱাৰ লগে লগে মৰমী পকাত ঢলি পৰিল।তাইৰ মুখৰ মাত নোলোৱা হ'ল।" মা দেউতা বাৰ কিবা হৈছে সোনকালে আহা " ভায়েকৰ মাতত মাক আৰু দেউতাক বাহিৰলৈ ওলাই আহিল।তাইক বিচনালৈ লৈ গ'ল।তাইক তেনেকৈ চাই থাকিব নোৱাৰি ওচৰৰ মেডিকেললৈ লৈ গ'ল।তাৰ ডাক্তৰ জন বিনোদ চলিহাৰ সৰু কালৰ বন্ধু।চলিহাই সীমান্তক কান্দি কান্দি সকলো ক'লে।তাইক ICUলৈ যোৱা হ'ল।এটাৰ পিছত এটাকৈ তাইক চেলাইন বেজি দিয়া হ'ল। প্ৰায় ৰাতি ভাগত তাই চেতনা ঘূৰাই পালে।তাই বহুত কান্দিছে মাক দেউতাক আৰু ভায়েকলৈ চায়। সীমান্তই বিনোদক একাষৰীয়াকৈ মাতি লৈ ক'লে-" চা বিনোদ তোৰ পৰানো মই কি লুকুৱাম তইতো মোৰ সৰু কালৰ বন্ধু"। বিনোদে একো ধৰিব পৰা নাই।সীমান্ত কি হৈছে মোৰ মাজনীৰ । সোনকালে কচোন।সীমান্তই বিনোদৰ মুখলৈ চাব পৰা নাই।বিনোদ আচলতে মৰমীৰ হাৰ্টৰ অসুখ হৈছে? তাই নিশ্চয় বহুত ডাঙৰ আঘাত পাইছে। কথাটো শুনাৰ পাছত নিথৰ হৈ ৰল বিনোদ চলিহা। মই এতিয়া কি কৰোঁ সীমান্ত? বন্ধুক সাহস দি ক'লে-" চিকিৎসা কৰিলে নিশ্চয় ভাল হ'ব " ।কিন্তু.... ! কিন্তু কি সীমান্ত? তাই যাতে তেনেকুৱা আঘাত ভৱিষ্যতে নাপায় ।তাই যদি সকলো পাহৰিবলৈ পাৰে তেন্তে তাই আগৰ দৰেই হৈ পৰিব ।
         দুদিনমান থকাৰ পাছত তাইক ঘৰলৈ লৈ অহা হ'ল। কিন্তু তাই আগৰ দৰেই হৈ থাকিল। এনেকৈ থাকি তাই বেছি দূৰ্বল হৈ পৰিল।তাই কেতিয়াও পাহৰিব নোৱাৰিলে অতীতৰ সেই স্মৃতিবোৰ ।তাই যিবোৰ বিচৰা নাছিল সেইবোৰ পালে আৰু যিবোৰ তাই বিচাৰিছিল সেয়া কেতিয়াও নাপালে।
               মৰমীৰ মৃত্যুয়ে ঘৰখন স্তব্ধ কৰি পেলালে। বিনোদ চলিহাই আজিও আক্ষেপ কৰে তাইক কিয় তেওঁলোকে বুজি নাপালে ।কিয় মৰমৰ পৰা বঞ্চিত কৰিলে।শেষ মূহুৰ্তত বূজি পায় দেখোন সকলো হেৰুৱালে তেওঁলোকে।

✍🏻দিপশিখা ৰাজকোঁৱৰ।
     একাদশ শ্ৰেণী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)