পানী আৰু গছ~প্ৰবন্ধ-মানস প্ৰতীম মালী

পাহাৰত থকা বনৰীয়া হাতীবোৰে পাহাৰত একো খাবলৈ নাপাই ভৈয়ামলৈ নামি আহে । হাতীবোৰে খাদ্যৰ সন্ধানত মানুহৰ বাৰীত সোমাই আৰু বহু ধৰণে শস্যবোৰৰ অনিষ্ট কৰে ।
যিহেতু গাঁৱলীয়া ঠাইত প্ৰায়ভাগ মানুহেই খেতি কৰিয়েই ঘৰখন পোহপাল দি আছে , গতিকে তেওলোকৰ মুখ্য উপাৰ্জনৰ পথ মাথোঁ খেতি । কোনোবা ঠাইত হাতীয়ে আকৌ গোটেই শস্যবোৰেই নষ্ট কৰে । শস্যবোৰ নষ্ট হোৱাৰ ফলত খেতিয়কজনৰো উপাৰ্জনৰ পথ বন্ধ হৈ পৰে । এতিয়াও নিশা পাহাৰৰ পৰা হাতীয়ে খাদ্যৰ সন্ধানত নামি আহে , আৰু দুখীয়া খেতিয়কসকলৰ পেটৰ ভাত কাঢ়ি নিয়ে । 
মূৰৰ ঘাম মাটিত পেলাই ইমান কষ্ট কৰাৰ পাছতো যেন সকলো অথলে যায় ।
               এতিয়া আচল কথাটো হল , কিছুমান মানুহে পাহৰৰ গছ বন কাটি শেষ কৰিলে যাৰ ফলত হাতীয়ে খাদ্যৰ সন্ধানত নামনিলৈ নামি আহে । গছ থাকিলেহে মানুহবোৰো বাছি থাকিম , গতিকে নিজৰ উপাৰ্জনৰ কাৰণে গছবোৰ কটাৰ আগতে এবাৰ ভাবি চোৱা উচিত , পাহাৰখনত থকা জন্তুবোৰৰ কথা , কাৰণ সেই জন্তুবোৰৰো ভোক লাগে । এবাৰ ভাবি চাবো হাতীবোৰে খাদ্যৰ সন্ধানত আহি নষ্ট কৰি যোৱা খেতিপথাৰৰ খেতিয়কজনৰ কথা , খেতিয়কজনো এজন মানুহ , খেতিয়কজনৰো ভোক লাগে , যিহেতু খেতিয়কজনৰ উপাৰ্জনৰ মুখ্য পথ খেতি , গতিকে খেতিয়কজনে ইমান কষ্ট কৰাৰ পাছত খেতি নষ্ট হলে পেটত গামোচা বান্ধি থাকিব লাগিব । 
                   পানী আৰু গছ নহ'লে আমি কোনো জীয়াই থাকিব লাগিব । যেনেকৈ পানী অবিহনে আমি কোনেও জীয়াই থাকিব নোৱাৰো , তেনেকৈ গছ অবিহনেও কোনেও জীয়াই থাকিব নোৱাৰো । 
এদিন পানী নোখোৱাকৈ আপুনি থাকি চাব , যেতিয়া আপোনাৰ অত্যন্ত পিয়াহ লাগিব তেতিয়াহে আপোনি পানীৰ মূল্য বুজি পাব । 
পিয়াহত যেনেকৈ পানীৰ মূল্য বুজা যায় , তেনেকৈ গছ নাথাকিলেহে গছৰ মূল্য বুজি পোৱা যাব , কিন্তু তেতিয়া কৰিবলগা একোয়েই নাথাকিব । গছ নাই মানে কোনো নাই । পৃথিৱীৰ গছবোৰ যদি সকলোৱে কাটি শেষ কৰে , তেতিয়া কিন্তু গছবোৰ কটা মানুহবোৰৰ লগত , আমি সকলো মৰিব লাগিব । 
             গছবোৰ কটাতকৈ গছ ৰোপণ কৰাৰ কথা ভাবক , আমি সকলোৱে পাহাৰ ভৈয়াম সকলোতে গছ ৰোপণ কৰি আমাৰ পৃথিৱীখনক সুন্ধৰ কৰি ৰাখো আহক । এবাৰ কল্পনা কৰি চাওক গছেৰে ভৰি থকা আমাৰ চাৰিওফাল , আমাৰ চাৰিওফাল মাথোঁ সেউজীয়া , সেউজীয়া আৰু সেউজীয়া ।

✍️মানস প্ৰতীম মালী 
 বৰিহাট , মিৰ্জা 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send