বসন্ত-ৰঞ্জু গায়ন ( বৰুৱা )

Rinku Rajowar
0
কুলিৰ কূ-উ , কূ-উ মাতে
বসন্তৰ আগজাননী দিয়ে 
লঠঙা হৈ থকা বিৰিখে
ন ন সাজেৰে নিজকে কইনা সাজে 
আমে মলিয়ালে
কঁঠালে পেলালে মুচি
শুই থকা প্ৰকৃতিয়ে যেন
সাৰ পাই উঠিছে
মেঘৰজাৰ আহ্বান শুনি
কৃষক ওলাল হাল-কোৰ লৈ পথাৰলৈ যাওঁ বুলি
ইফালে ঢুলীয়া ককাইটিয়ে
ঢোলেৰে বৰশী টানিলে
ব'হাগৰ নাচনী জনী
আনোগৈ বুলি 
মৰমৰ নাচনীয়ে বিহুৱান
লগালে মৰমৰ চেনাইটিলৈ
বুলি ৷


✍🏻ৰঞ্জু গায়ন ( বৰুৱা )
নামৰূপ,ফোন নং - ৯৯৫৪১২৬৩৪৬

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)