সকলোৰে নাই কপালত স্বৰ্ণীল পথ,
দেশৰ অৰ্থনীতিৰ সেন্দুৰীয়া গুটি,
সাংস্কৃতিৰ পাৰস্পৰিক চিৰজীৱনী,
আত্মনিৰ্ভৰশীল পৰিয়াল
নাৰীৰ চালিকা শক্তি,
খিট্ খিট্ মাঁকোৰ শব্দ ই মনজুৰায়।
কাজীয়ে কাপোৰত সপোন ৰচে,
চেলেং-চাদৰ,বৰকাপোৰ, গামোচা
ভাজ নভগাকৈ,দাগ নলগাকৈ
সযতনে বৰপেৰাত জাপিছিলো।
আত্মপ্ৰতিষ্ঠাৰ নিৰলস প্ৰয়াস
আত্মনিৰ্ভৰ হ'বলৈ বাছি লৈছিলো,
সঁচা কষ্টৰ বাস্তৱৰ সপোন
জীয়ৰী,বোৱাৰীৰ ঘৰে-ঘৰে হাঁহি
যুগান্তৰৰ আন্ধাৰ জিনি আগবাঢ়ি
সফলতাৰে ভৰা জীৱনযাত্ৰাৰে
পৃথিৱীখনক আলোকময় কৰি
আত্মসন্তুষ্টিৰে জীয়াই থকাৰ
কিযে বাসনা "তাঁতশালখন"।
🖋️অল্পনা দলে
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ