ভাইটি তুমি ঘূৰি আহা~দিপশিখা ৰাজকোঁৱৰ

©Admin
0
ভাইটি তুমি ঘূৰি আহা
মা- দেউতাৰ মৰমবোৰ 
কিয় নুবুজাকৈ গুচি গʼলা ?
তেওঁলোকৰ চকুলো কেৱল
তোমাৰ বাবেই নিগৰে 
ভাইটি......।
আজিও বৰ আগ্ৰহেৰে ৰৈ আছে
তুমি ঘূৰি অহালৈ 
তোমাৰ মুখৰ পৰা এবাৰ
মা- দেউতা শব্দটো শুনিবলৈ।
তুমি নথকাৰ বাবে জানানে
তোমালোকৰ ঘৰখন একেবাৰে শূণ্য হৈ আছে।
তোমাৰ ভালৰ বাবেই তোমাক
তেওঁলোকে শাসন কৰিছিল,
তোমাৰ অভিমান সামৰি তুমি ঘূৰি আহা সেই আগৰ দৰে হৈ।
তুমি চিন্তা নকৰিবা তোমাৰ 
একো নহয়,
তুমিতো সকলোৰে মৰমৰ
তুমি ঘূৰি আহা ভাইটি।।

✍🏻দিপশিখা ৰাজকোঁৱৰ
     একাদশ শ্ৰেণী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)