মৃত্যু ভয়, শত্রু ভয়ৰ
দোমোজাৰ পৰা মুক্ত,
প্ৰেম ভয়ৰ উৰ্দ্ধত প্ৰতিস্থিত!
নিকৃষ্টতাক মানি লোৱা
ফুলি উঠা বুকু,
শিৰামূৰি ধৰা উৰু,
ভাতৰ চৰু।
হঠাৎ সলনি জীৱন,
মৃত্যুক দহন,
জীৱনক ৰহণ।
মই সচাঁ!
মই সচাঁ,
মিছা ৰজা,
মই 'ৰেবেল'।
অস্থিৰ বিশ্বাস,
অস্তিত্ব ৰখাৰ হাবিয়াস।
আনক পুতি
গছ হোৱাৰ মানস!
আনক পুতি
গছ হোৱাৰ মানস,
মই পাহৰোঁ লৈ তাইৰ পৰশ।
জীৱনক পাহৰি মৃত্যুক চিনি,
পুনৰ বৃক্ষ হওঁ।
হোৱাৰ চেষ্টা কৰোঁ।
✍আকাশ দাস, নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ