নীলা খামৰ চিঠি-তোমাৰ স্মৃতিত ভাগৰুৱা আজি-নীলপ্ৰতিম বৰা

                 নীলপ্ৰতিম বৰা,টীয়ক
                    মঃ ৮০১১৫০৩৩২২
  


মৰমৰ,
          প্ৰাণ প্ৰিয়া , মৰম বুলি ক'বলৈ অধিকাৰ নাই যদিও মৰম ল'বা । এতিয়া যে এই মৰম শব্দটো যান্ত্ৰণাহে মাথোঁ।উপাৰ্জনহীনতাৰ বাবে আজি মোৰ মৰম ভালপোৱাবোৰ বৃক্কলংগ  বিষাদগস্ত । এটা কথা  কি জানা তোমাৰ হৃদয়ত মোৰ বাবে গোলাপ নুফুলিলেও,মোৰ হৃদয়ত আজিও সিঁচি ৰাখিছোঁ মৰম আবিৰসনা । মই দুখীয়া বাবেইটো তোমাৰ মদাহী খুড়াৰাই  দেখিব নোৱাৰে । তোমাৰ বাবে থকা অৱশিষ্টবোৰ গলিব ধৰিছে যদিও অন্তৰে আজিও উঁচুপি উঠে,বুকুৰ ভিতৰত তোমাৰ বাবে এক বুজাব নোৱাৰা টান। সকলো থাকিও অকলশৰীয়া ।
তোমাক প্ৰথম দেখা  দিনাখনে মোৰ শৰীৰটোৱে এক নতুন জীৱন পালে। প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিব দিনা মোৰ হৃদয়খনে যে বিশ্বজয় কৰিলে ।এতিয়া সেই ভাললগাবোৰ নিদ্ৰাগধূৰ স্বপ্ন মাথোঁ ।তামোলৰ হেলেঙীত পিয়াঁহৰ পানীটুপি দিবলৈও আপোন মানুহজনীৰ অভাৱ।এতিয়া তেওঁ বেলেগৰ হাত খামুচি নতুনত্ব সংজ্ঞা শিকিছে।
এটা কথা কি জনা শিতানৰ গাৰোটিৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছে,সিয়েই মোৰ সুখ-দুখঃ লগৰী।ৰাতিৰ নিজানত শিতান গাৰোটোত চকুলোৰে উপচি পৰে ।এতিয়াটো আনক শুনাই  চিঞঁৰি কান্দিবও নোৱাৰো । চকুপানী মূল্যহীন বাবেই শিতানৰ গাৰোটিৰো গুৰুত্বহীন ।পুৱাৰ কিৰণত দিনটো আৰম্ভ হয় নতুনত্ব সন্ধানত তুমিবিহীন বাবে  সেয়াও কষ্টকৰ, দুবিষহ যন্ত্ৰণাহে।তোমাৰ স্মৃতিত ভাগৰুৱা বাবেই আজি সকলো থাকিও অকলশৰীয়া।তুমি হেৰাই যোৱা দিন ধৰি এটা কথাই বুজিলোঁ   ভাল লগাবোৰ ভাল লাগি থকাই ভাল ,নোপোৱাতকৈ পাই হেৰুৱাৰ বেদনা বহুত গভীৰ।তুমি মোক ভালপোৱা/নোপোৱা সেইটো মই নাজানোঁ ।মাথোঁ  মই তোমাক ভাল পাওঁ ,তোমাৰ বাবেই আজিও হৃদয়ত শেৱালি ফুলে ।
তোমাৰ  সেই অন্তিমটো মেছেজ খুড়াই আমাক লগ কৰা দেখিলে ,"আপুনি মোক পাহৰি যাওঁক। মই আপোনাক ভাল পাব নোৱাৰো । মোক খুৰাই কাটিব ।" হৃদয়ত  কাল ধুমুহাৰ সৃষ্টি হ'ল। আস, হুলে বিন্ধিছে। বহুবাৰ বুজাবলৈ চেষ্টা কৰিলোঁ ,তুমিটো অকুৰগোজ খুৰাই সকলো অৱশেষত ব্লকলিষ্টতেই  আবদ্ধ মই।
তুমি হয়টো নাজানা মোৰ নামৰ সৈতেই আজিও তুমি সাঙোৰ খাই আছা। মোৰ লগৰবোৰে তোমাক কৰবাত দেখিলে তোমাৰ প্ৰেয়সীক দেখিছিলোঁ বুলিয়েই কয়,আৰু কি জনা কোনোবা ল'ৰাৰ লগত তুমি কথা পতা দেখিলে তাৰ videoও মোৰ ওচৰত আহে। নিদ্ৰাবোৰ হেৰাই গৈছে উজাগৰী নিশা তোমাৰ ভাৱনাতেই ইকাটি-শিকাটি।হৃদয়ত তোমাৰ অনুপস্থিতিয়ে বিষ অনুভভায় ।তুমি উভতি আহা বুলিটো নকওঁ। বহুবাৰ তোমাৰ ওচৰত মৰমৰ ভিক্ষা মাগিলোঁ ,কিন্তু .........?
তথাপিও তোমাৰ প্ৰতি কোনো অভিযোগ নাই। তুমি মোৰ বাবেই সদায় শ্যামলা, ৰসাল হিয়াৰ আমঠু। তুমি যতেই নথকা , যাৰ লগতেই নাথাকা ,মাথোঁ তুমি সুখত থাকা। বহু ৰাতি হ'ল আজিলৈ এৰিলোঁ।
 চিঠিৰ উত্তৰ আশা নকৰোঁ । তথাপিও অপেক্ষাৰে ৰ'ম।
  
                    ইতি
                 তোমাৰ পাগল প্ৰেমিকজন ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send