নেপাতি কেনেকৈ থাকো-হেমেন হাজৰিকা

Rinku Rajowar
0
       টকা-পেপাঁ-গগনা
    সুগৰ কৰি ল অ'
    ৰংমন-ব'হাগী
    বাপতি সাহোন বিহুটিতে
    এপাক নানাচিবি নে  ?

   তাতখন বিহুচেৰা
   নকৰিবি অ' লাহৰী
   বিহু নৌ আহোঁতেই
   বিহুৱানখন কাটিবি  ||

   জেতুকা-ঠেৰেজু সবাকে গোটাবি
  থেকেৰা বেঙেনা ঐ
   নাহৰৰ ডালিটি ছালতে গুজিবি
   এলাহ নকৰিবি দেই  ||

   ছাঁতে শুকুৱা মুঠিতে লুকুৱা
   সেইহেন বিহুৱান
   দিব জানো পাৰিবি  ?

   কৃষিৰে সম্বল
   গো-ধন মহাধন
   তাকো মোৰ কপালত নাই
  তাকেই তোক কলো
  সি যাৰ নাই সবাতকৈ সৰু

  সাত শাকি গোটাবি
  আই বোপাইক
  বিহু বুলি সেৱাটি যাঁচিবি
  বিহুতে ওলামগৈ
 মাতষাৰিকে ভালকৈ লগাবি |

  গৰু বিহু গধুলি
  হুচৰী জুৰিম ঐ
  আৰুনো কেইদিন বাকী
  উজনি নামনি মাৰো কেইখনি
 নাচনি টাকুৰী ঘুৰাদি নাছে ||

   বিহু হেন ধন
   বাপতি সাহোন
  নেপাতি থাকিব জানো পাৰি 

    🖋️হেমেন হাজৰিকা,মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)