ফাগুন-জিমিৰেখা শৰ্মা

ফাগুন আহে
ফাগুন উৰে,
ফাগুনে ৰঙ উৰুৱাই
ফাগুন সদায় প্ৰিয়।
বাৰে বাৰে ফাগুন আহে,
তথাপি ফাগুনৰে অপেক্ষা।
প্ৰতিবাৰে ধূসৰিত ফাগুন
তথাপি ফাগুন ফুলি উঠে।
ফাগুনৰো বিৰহ বেদনা থাকে,
তথাপি ফাগুন ৰাঙলী।
ফাগুন ৰঙৰ উৎসৱ,
ফাগুনে পাতে ৰঙৰ মেলা।
  ফাগুন তুমি বৰ জাননী দিয়া ন?
তোমাৰ বাবেই কৰো মই অপেক্ষা;
তুমি বিলাই দিয়া অফুৰন্ত বতৰা।
তোমাৰ বাবেই বিচাৰি পাওঁ অতীতৰ মাদকতা।
শিমলু ফুলৰ সুবাসে দি যায় দূৰ দিগন্তৰ বতৰা।
ৰঙেৰে উপচি পৰে জীৱনৰ সৌন্দৰ্য্য।
ধূলি বালিৰে পদূলি হয় নতুনত্ব।
সেইবাবেই চাগে তুমি মোৰ প্ৰিয়।

✍️ জিমিৰেখা শৰ্মা
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send