বিলীন-ছাইফুদ্দিন আহমেদ

Rinku Rajowar
2
আচলতে অভিমান 
কৰিবলৈকে যে 
ভয় লগা হ'ল 
আঁতৰি যোৱা বুলি ,
জীৱনত পালোঁ বহুত 
মই নিবিচৰা সুখ !

হৃদয়ক মোৰ যে
শব্দৰ অভাৱে 
জুৰুলা কৰিছে ,
তোমাক বুজাবও 
নোৱাৰা হৈছোঁ যে 
মই মোৰ মনৰ দুখ ।

তথাপিও ৰৈ আছোঁ
মই যে বিলীন হ’বলৈ
তোমাৰ মন পদুলিত
আবেলিৰ তেজ ৰঙা
অস্ত যোৱা বেলিটো লৈ লাগিলে
নিশাৰ এন্ধাৰ নামি আহক মোৰ জীৱনলৈ !

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment