কৰ'না আক্ৰান্ত ব'হাগ~মধুস্মিতা ফুকন

©Admin
0
বিহু শব্দ য'ৰপৰা উৎপত্তি নহওঁক কিয় বিহু অসমৰ জাতীয় উৎসৱ,অসমীয়াৰ প্ৰাণ,অসমীয়া জাতিৰ আয়ুসৰেখা । ব’হাগ মানেই যৌৱন। চ’তৰ সংক্ৰান্ত্ৰিৰ দিনৰপৰা আৰম্ভ কৰি বʼহাগৰ ৬ তাৰিখলৈ মুঠ সাতদিন ধৰি এই বিহুটি উদযাপন কৰা হয়।
    প্ৰতি বছৰে ব'হাগীক উলহ-মালহেৰে আদৰা হয়।কিন্তু,এইবাৰো পৰিস্হিতিয়ে বাধ্য কৰাইছে এই আনন্দ ফূৰ্তিৰপৰা নিলগত থাকিবলৈ। মহামাৰী কৰোনাই জীৱনৰ প্ৰতি পলে আনি দিয়া ভাবুকিয়ে ব'হাগৰ ৰং-ৰহইচৰ সৈতে সম্পূৰ্ণ ৰূপত আত্মসমৰ্পণত ভাবুকি আনি দিছে । বিগত বছৰটোত কৰোনা ব্যাধিয়ে বিভিন্ন উৎসৱ পাৱৰ্ণকে ধৰি পৰম্পৰাগত ৰীতি-নীতি পালনৰ পৰা বঞ্চিত কৰিলে।সমগ্ৰ বিশ্বজুৰি নৰ সংহাৰ চলোৱা ক’ৰোনা ভাইৰাছে এইবাৰ অসমীয়াৰ প্ৰাণস্পন্দন বিহুকো ৰুগ্ন কৰি তুলিলে |কʼৰোনা সংক্ৰমণ ৰোধৰ বাবে দেশত কোনো কোনো ঠাইত লকডাউন অব্যাহত থকাৰ মাজতে অসমতো বিহুক লৈ চৰকাৰ তথা স্থানীয় প্ৰশাসনে কিছু নতুন নিয়ম বান্ধি দিছে।
    কৰোনাপিষ্ট বিগত আৰু চলিত বছৰটোৱে বহুতৰে আপোনজনৰ সমাধি সাজিলে। মহামাৰী কৰোনাই আমাক বুজাই দিলে যে, মানৱসৃষ্ট এই দুৰ্যোগসমূহৰ পৰা হাত সাৰিবলৈ আমাৰ সজাগ আৰু সতৰ্কতাৰ বাহিৰে আন কোনো বিকল্প উপায় নাই। গতিকে, আমি নিজৰ লগতে এই সৰ্ন্দভত অনভিজ্ঞজনকো সজাগ কৰা উচিত । প্ৰতিদিনৰ এখন সুস্থ নিকা সমাজহে ভৱিষ্যতৰ প্ৰগতিৰ বাহক। 
  প্ৰথমতে জীৱন ৰক্ষা,তাৰ পাছতহে উৎসৱ-পাৰ্ৱণ।এই বিহুৰ বতৰত অসমীয়াবাসীৰ এটাই সান্ত্বনা আৰু আশা, কʼৰোনা মহামাৰীক বিনাশ কৰি অহাবাৰলৈ উদযাপন কৰিব বিহুক মনৰ উলাহেৰে।
    বৈ যাব সংস্কৃতিৰ বোৱতি সুঁতি,বিহুয়ে বহন কৰিব অসমীয়া জাতিৰ চিৰপ্ৰৱাহিত ৰূপত সভ্যতাৰ সাক্ষী।

        ✍️মধুস্মিতা ফুকন
             ডিব্ৰুগড় বিশ্ববিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)