"ছিঃ ছিঃ ইমান লেতেৰা!" আৱৰ্জনা বিচাৰি ফুৰা ল'ৰাটোৱে ঠেলাখন ঠেলি ঠেলি কাষেৰে পাৰ হৈ যাওঁতে শ্ৰীমতী দাসে নাকত ৰুমালেৰে সোপা দি কৈ উঠিল।
"মা,কিয়নো তেনেকৈ কৈছা?আমি ৰাস্তাই-ঘাটে পেলাই কৰা লেতেৰাবোৰ চাফা কৰিহে নিছে।" পুতেক অম্লানে কৈ উঠিল।
শ্ৰীমতী দাসৰ মুখৰ মাত হৰিল।
✍অংশুমান ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ