ক্লান্তিহীন প্ৰেমৰ প্ৰতীক-জহিৰুল ইছলাম

তুমিতো উদিত অৰুণ
উদয়গিৰি বগুৱাই, অস্থাচলৰ পাদ দেশলৈ
অংকুৰণৰ পৰা অনিশ্চিত যাত্ৰাই নহয় কেৱল
অন্ধকাৰ ঠেলি তুমি জীৱন পোহৰোৱা 
এক ভাগৰহীন প্ৰেমৰ প্ৰতীক।

অধিকাৰৰ পৃষ্ঠাত ৰৈ যায় যদিও
অপূৰ্ণতাৰ দাৰি ক'মাহীন এক অধ্যায়,
তথাপি নাই খেদ, নাই আত্মবিলাপ,
কেৱল নীৰৱ হাহাকাৰ।

   ✍️ জহিৰুল ইছলাম
         গোৱালপাৰা
      

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send