প্ৰতীক্ষা-বিনিতা বৰা

Rinku Rajowar
0
তুমি মোৰ  নিশাৰ
এটি নিচুকনি গীত।

তুমি মোৰ 
কল্পনাৰ সাগৰৰ এটি ঢৌ।

তুমি মোৰ আবেগৰ
আশাৰ এগঁচি চাকি।

মোৰ উচুপনি বোৰে
আজীৱন বিচাৰে সংগী হ'বলৈ
তোমাৰ সাহসৰ বাটত।

এপাঁহি সূৰুযমুখী হৈ
ফুলি থাকা তুমি মোৰ বুকুৰ চৌহদত।

মোৰ আবেগৰ বাট ভেটি
থাকিবা তুমি সদায়।

পখীৰ দৰে ডেউকাৰ মাজত
উম দি ৰাখিবা মোক জীয়াই।

আহিবানে তুমি মোৰ কাষলৈ
পুৱা গধূলি 
মোৰ আশাৰ চাকি গচিয়েও
বাট চাই আছে তোমালৈ ।

তুমি আছা গৈ দূৰণিৰ বাটত
পূৰ্ণিমাৰ জোনৰ দৰে পোহৰ বিলাই।

মই আছোঁ তোমাতেই প্ৰতিক্ষা কৰি
অহৰ্নিশে
নীৰৱে তোমালৈ বাট চাই।।


                               🖋️ বিনিতা বৰা
                         হোজাই জিলা(কাকী-3)
                               

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)