দুঃস্বপ্ন-কবিতা~চন্দন দাস

©Admin
0
মই সাৰে থকা অৱস্থাত
অহৰহ শুনো হিয়া ভগা
কৰুণ চিঞৰ ।

কাষত দেখোন কোনো নাই !
মোৰ পঢ়া মেজখনৰ
কিতাপবোৰ খেপিয়াই চাওঁ,
মোৰ শিতানৰ গাৰুটোত ভেজা দি
কোনে বাৰু উচুপি থাকে ?

মই কাকো নেদেখোঁ 
মাথোঁ এজনৰ অদৃশ্য উপস্থিত অনুভৱ কৰোঁ।
যিয়ে নেকি হেৰুৱাই পেলাইছে 
জীৱনৰ প্ৰতিক্ষণ ।

কেউকাষৰ দেৱালৰ 
খোলা খিৰিকীখনে এন্ধাৰ নাশি 
পোহৰে যেন শিপাই লৈছে
বিষাদ স্বপ্নৰ কুঁৱলী।

বেৰত ওলমি থকা
ঘড়ীটোৰ টিক্ টিক্ শব্দত
ভাঁহি আহিছে অশ্ৰু শিক্ত মাত।


আকাশখনে বাৰু কান্দিছে নেকি?
তেজেৰে ৰাঙলী হৈ টো  নাহে 
যৌৱনৰ জোনাকী বাটত ।

🖋️চন্দন দাস
বাক্সা (নিকাছি)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)